/asomiyapratidin/media/media_files/2026/02/18/whatsapp-imag-2026-02-18-11-20-11.jpeg)
ডিজিটেল ডেস্কঃ দহখন ৰাজ্যত খালী হ'ব লগা ৰাজ্যসভাৰ ৩৭ খন আসনৰ বাবে ১৬ মাৰ্চ ২০২৬ ত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত জাৰি কৰিব জাননী। ৰাজ্যসভাৰ খালী হ'ব লগা আসনকেইখনৰ বাবে ৫ মাৰ্চত আৰম্ভ হ'ব মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।
/asomiyapratidin/media/post_attachments/dc4887c3-cab.png)
৬ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ মাৰ্চ ধাৰ্য কৰা হৈছে। ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ'ব ভোটগ্ৰহণ। সেইদিনাই আবেলি ৫ বজাত ভোট গণনা আৰু ২০ মাৰ্চত এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ'ব। খালী হোৱা আসনসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত ৭ খন, উৰিষ্যাত ৪ খন, তামিলনাডুত ৬খন, পশ্চিবংগত ৫খন, অসমত ৩খন, বিহাৰত ৫খন, চত্তিশগড়ত ২খন, হাৰিয়ানাত ২খন, হিমাচল প্ৰদেশত ১খন আৰু তেলেংগনাৰ দুখন ৰাজ্যসভা আসন আছে। অসমৰ তিনি ৰাজ্যসভা সাংসদ ৰামেশ্বৰ তেলী, ভূৱনেশ্বৰ কলিতা আৰু অজিত ভূঞাৰ কাৰ্যকাল চলিত বৰ্ষৰ এপ্ৰিলত অন্ত পৰিব।
/asomiyapratidin/media/post_attachments/fc2df05e-f41.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us