Published on:
Updated on:
- হোটেল ৰডিছন ব্লুত মুখ্য সচিব,ডিজিপি কে ধৰি শীৰ্ষ বিষয়াৰে সৈতে বৈঠক মুখ্য নিৰ্বাচনী আয়ুক্তৰ।
- সংবাদমেলত সুনীল আৰোৰাৰ বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা।
- দিল্লীত সিদ্ধান্ত লৈ ফাইনেল দিন ঘোষণা কৰিম।
- ৰাজনৈতিক দলসমূহে বিহুৰ পূৰ্বে নিৰ্বাচন হোৱাটো বিচাৰিছে।
- ৰাজনৈতিক দলসমূহৰ ওজৰ-আপত্তি বিবেচনা কৰা হ'ব।
- স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি।
- ভোটদানৰ সময় পূৰ্বতকৈ একঘণ্টা বাঢ়িব।
- NRC ত নাম নাথাকিলেও ভোটৰ তালিকাত নাম থাকিলে ভোট দিব পাৰিব ।
- বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থাকিব ভোটকেন্দ্ৰত।
- অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ।
- প্ৰাৰ্থী সহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব প্ৰচাৰত।
- নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হ'ব আয়োগ।
- নিৰ্বাচনী দিন নিৰ্ধাৰণৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ মন্তব্য।
- পৰীক্ষাৰ সূচীসমূহ পৰীক্ষা কৰিহে দিন-বাৰ ঠিক কৰা হ'ব।
- কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন।
- গ্ৰামাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব।
- এহেজাৰ ভোটাৰ থকা ভোটকেন্দ্ৰৰ ওচৰতে স্থাপন কৰা হ'ব নতুন ভোটকেন্দ্ৰ।
- ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ'ব নিৰ্বাচন।
- নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব নিৰীক্ষক।
- নিৰ্বাচনৰ বাবে বিশেষ পৰ্যবেক্ষকো নিয়োগ কৰা হ'ব।
- ছ'ছিয়েল মিডিয়াৰ ওপৰতো ৰখা হ'ব কঠোৰ নিৰীক্ষণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in