সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই একাংশৰ আনন্দ-উল্লাস

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই একাংশৰ আনন্দ-উল্লাস
Published on
Updated on

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন সমষ্টিত দেখা গৈছে আনন্দ-উল্লাস। খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে জাৰি কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সন্তুষ্টি প্ৰকাশ বিভিন্নজনৰ।

নতুন সমষ্টি লাভ কৰাৰ পাছতেই সুখী আৰু গৌৰৱান্বতি অনুভৱ কৰা বুলি কয় একাংশই। উল্লেখ্য যে, মঙলবাৰে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা প্ৰকাশ কৰে। নিৰ্দেশনা অনুসৰি লোকসভা আৰু বিধানসভাত একেই থাকিব সমষ্টিৰ সংখ্যা। জুলাইত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি। যাৰ বাবে জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।

এই নিৰ্দেশনা লক্ষ্য কৰিলে দেখা যায় যে কেইবাটাও সমষ্টি কৰ্তন হোৱাৰ লগতে নতুনকৈ গঠন হৈছে সমষ্টি। ইযাৰোপৰি বহুকেইটা সমষ্টিৰ চাৰিসীমাও নতুনকৈ নিৰ্ধাৰণ হৈছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতেই একাংশৰ আনন্দ-উল্লাস
প্রকাশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা: সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in