বৰাকত শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগু, শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য…

বৰাকত শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগু, শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বৰাক উপত্যকাৰ প্রাণকেন্দ্র শিলচৰক শিক্ষাৰ এক

author-image
asomiyapratidin
New Update
বৰাকত শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগু, শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য…

বৰাকত শিক্ষা মন্ত্ৰী ডা:ৰনোজ পেগু, শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য…

Advertisment

ডিজিটেল সংবাদ,শিলচৰ: বৰাক উপত্যকাৰ প্রাণকেন্দ্র শিলচৰক শিক্ষাৰ এক হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লৈছে ৰাজ্যৰ শিক্ষা বিভাগে ।মন্ত্রীত্ব লাভ কৰাৰ পাছত দুদিনীয়া বৰাক ভ্রমণলৈ অহা শিক্ষামন্ত্রী ডা:ৰনোজ পেগুৱে বৃহস্পতিবাৰে শিলচৰত এই ঘোষনা কৰে। শিক্ষা মন্ত্রীৰ দায়িত্ব লোৱাৰ পাছত মন্ত্রী গৰাকীয়ে বৰাকৰ শিক্ষানুষ্ঠান সমূহৰ সমস্যা আৰু নিৰ্মীয়মান কাম সমূহৰ অগ্রগতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে নিশা শিলচৰত উপস্হিত হয় । নিশাটো আৱৰ্ত ভৱনত কটাই বৃহস্পতিবাৰে কাছাৰ জিলাৰ শিক্ষা বিভাগৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হৈ আগন্তুক মেট্রিক আৰু উচ্চমাধ্যমিক পৰীক্ষা সন্দৰ্ভত বিস্তৃত আলোচনা কৰে ।

পঢ়িবলৈ ক্লিক কৰক: আদৰ্শ শিক্ষক, লেখক মহেন শইকীয়াক নিজা গৃহত মেচমহাসভাৰ বিপুল সম্বৰ্ধনা

ইয়াৰ পিচত মন্ত্রী গৰাকীয়ে শিলচৰ এন আই টি,পলিটেকনিক, শিলচৰ মহিলা কলেজ, একে ছন্দ ল' কলেজ আৰু বৰখলাত নিৰ্মীয়মান মডেল কলেজ পৰিদৰ্শন কৰি শিক্ষানুষ্ঠান সমূহৰ সমস্যাৰ বুজ লয়। ইয়াৰ মাজতে শিলচৰৰ ঐতিহ্যমণ্ডিত আৰু একমাত্র মহিলা কলেজৰ শিক্ষক সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ গ্রহন কৰে শিক্ষামন্ত্রী গৰাকীয়ে ।শেষত কাছাৰ বিজেপিৰ কাৰ্যলয়লৈ গৈ দলীয় কৰ্মী সকলৰ সম্বৰ্ধনা গ্রহন কৰে । বিজেপি কাৰ্যলয়ত অনুষ্ঠিত দলীয় সভাতে শিলচৰক শিক্ষাৰ হাব হিচাপে গঢ়ি তোলাৰ কথা ঘোষনা কৰে শিক্ষামন্ত্রী ডা:ৰনোজ পেগুৱে ।  চুবুৰীয়া ৰাজ্য মনিপুৰ, ত্রিপুৰা আৰু মিজোৰামৰ লগতে কলকতাৰ পৰা আহি যাতে ছাত্র-ছাত্রী সকলে শিলচৰত উচ্চ শিক্ষা গ্রহন কৰিব পাৰে সেই উদ্দেশ্য আগত লৈয়ে শিক্ষা বিভাগে শিলচৰক শিক্ষাৰ হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা লোৱা বুলি জানিবলৈ দিয়ে মন্ত্রী গৰাকীয়ে ৷

 ইফালে, বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠানত ঠিকাভিত্তিত কৰ্মৰত শিক্ষক কৰ্মচাৰী সকলৰ চাকৰি বন্ধ কৰা হব বুলি উল্লেখ কৰি শিক্ষামন্ত্রী গৰাকীয়ে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত খালী হৈ থকা পদবোৰ শিঘ্রেই পুৰণ কৰিব বুলি সাংবাদিক জানিবলৈ দিয়ে । ইয়াৰ পিচত মন্ত্ৰী গৰাকী হাইলাকান্দিৰ উদ্দেশ্যে ৰাওনা হয়৷ হাইলাকান্দিতো শিক্ষা বিভাগ আৰু প্ৰশাসনৰ সৈতে শিক্ষাখণ্ডৰ  বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰে তেওঁ ৷ নিশাতো হাইলাকান্দিত কটাই শুকুৰবাৰে কৰিমগঞ্জলৈ যাব ৰনোজ পেগু ৷ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকক লগত লৈ মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জতো কেইবাখনেো সভাত অংশ লৈ শুকুৰবাবে তেওঁ গুৱাহাটীলৈ উভতি াহিব বুলি জানিব পৰা গৈছে ৷