/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image-2.jpg)
দেৱালীত ফটকা ফুটোৱাটো উচিত নে অনুষ্ঠিত এই লৈ বিভিন্ন ধৰণৰ বাদানুবাদ চলি থাকে যদিও অতি শেহতীয়াকৈ ইয়াক কেন্দ্র কৰি এখন হাইকৰ্ট আৰু ছুপ্রিম কৰ্টৰ মাজত মত বিৰোধ ঘটা বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিছে। সাম্প্রতিক পৰিস্থিতিত এনে এটা বিষয়ক লৈ সর্বোচ্চ ন্যায়মঞ্চত সংঘাত ঘটাটো বহুতৰ বাবে কৌতূতৰ কথাও। ভূ ৰখাসকলে নিশ্চয় গম পাইছে যে কালী পূজা দেৱালী-ষট পূজা-জগদ্ধাত্ৰী পূজা, গুনানকৰ জন্মোৎসব, খ্রীষ্টমাছ আৰু নববর্ষ উদযাপন আগত এই উৎসৱবোৰত সকলো ধৰণৰ বোনা-ফটকা-ফুলজাৰিৰ ব্যৱহাৰ তথা বি নিষেধ কৰি যোৱা ২১ অক্টোবৰত কলকাতা হাইকৰ্টে এক ৰায় প্রদান কৰিছিল।
উক্ত হাইকৰ্টৰ বিচাৰপীঠৰ বক্তবা হ'ল– সেউজ ফটকা আৰু অন্য ফটকাৰ মাজত পার্থক্য ধাৰা পেলোৱাটো কঠিন। বজাৰত সেউজ ফটকা-ফুলজাৰি বিক্ৰী কৰিছে নে নাই, সেইটো কোনে নিৰীক্ষণ কৰিব আৰু কেনেকৈ কৰিবা গোটেই বিষয়টোৰেই যিহেতুকে গোলমলীয়া, গতিকে আগত উৎসৱবোৰত এইবোৰৰ ব্যৱহাৰ হোৱাটোৱেই অনুষ্ঠিত বুলি বিবেচনা কৰি হাইক'ৰ্টে ফটকা-ফুলজাৰিৰ ক্ষেত্ৰত সম্পূর্ণ নিষেধাজ্ঞা আৰোপৰ ৰায় দিয়ে।
ফলত স্বাভাৱিকভাৱেই হৈ চৈ লাগি গ'ল। কলকাতাৰ ফটকা-ফুলজাৰিৰ ব্যৱসায়ীৰ দুটা সংগঠন লগে লগে গৈ ছুপ্রিম ক'ৰ্টৰ দ্বাৰস্থ হ'ল। যোৱা সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ছুপ্রিম ক'ৰ্টৰ দুগৰাকী ন্যায়াধীশ এ. এম খানকিলকাৰ আৰু অজয় বাস্তোগীৰ বিচাৰপীঠে কলকাতা উচ্চ ন্যায়ালয়ৰ বায়টোক খাবিজ কৰি কলৈ যে যথোপযুক্ত ভিত্তি নথকাকৈ হাইক'ৰ্টে এনেকৈ ফটকা-ফুলজাৰি বিক্রীত নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰে। কিবা যদি সিদ্ধান্ত ল'ব লগা হয়, তেনেহ'লে সংশ্লিষ্ট চৰকাৰৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্তৃপক্ষৰ পৰা মতামত গ্ৰহণ কৰিব লাগিব। ফলত কলকাতা হাইক'ৰ্টে যিটো ভাবনাৰে ৰায়টো দিছিল, সেয়া অর্থহীন হৈ পৰিল।
ছুপ্রিম ক'ৰ্টে কিন্তু এখন হাইকৰ্টে এনে ধৰণৰ স্পর্শকাতৰ ৰায় এটাক খাৰ্জি কৰিলে, সেয়া বিচাৰপীঠে বুজি পাব, তাক লৈ মন্তব্য দিয়া উচিত নহ'ব। কিন্তু দেশৰ জনসাধাৰণৰ গৰিষ্ঠ অংশ এটাই 'ক্ৰেছাৰ্ছ' অর্থাৎ ফটকা-যুলজাৰিৰ ব্যৱহাৰ বন্ধ হোৱাটোকে বিচাৰে। এতিয়া 'গ্ৰীণ ক্ৰেকাৰ্ছ' অর্থাৎ সেউজ ফুলজাৰি অভিধা এটা ইয়াত সংযোজিত হৈছে। কিন্তু সাধাৰণ গ্রাহকে বুজি নাপায় কোনবিধ সেউজ ফুলজাৰি আৰু কোনবিধ নহয়। ফলত 'পুনঃমুচিক ভবঃ'ৰ দৰে বাছ-বিচাৰহীনভাৱে উৎসৱত এই ফটকা-ফুলজাৰি ফুটিব আৰু পুনৰ এবাৰ পৰিবেশলৈ দুর্যোগ নামিব। ফটকা ফুলজাৰি কিয় ফুটাব নালাগে, সেই কথাৰ চর্চা ইতিমধ্যে বহুত হৈছে। ইয়াত থকা মাৰাত্মক উপাদান কিছুমানে পৰিবেশ ইমান প্ৰদূষিত কৰে যে জনস্বাস্থ্যৰ বাবে ই অতি ভয়ংকৰ হৈ গৈ আছে।
দেৱালী, নৱবৰ্ষৰ দৰে উৎসৱৰ পিচত দেশৰ ৰাজধানী দিল্লীৰ বায়ুমণ্ডল কিদৰে চৰম প্ৰদূষিত হৈ পৰে, সেই বিষয়েও বিভিন্ন মাধ্যমে বছৰে বছৰে তথ্য প্রকাশ আৰু প্ৰচাৰ কৰিয়েই আছে। দেশৰ অন্যান্য অঞ্চলতো একেই অবস্থা। তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু বতৰ পৰিবৰ্তনত গ্রীন হাউছ গেছৰ ভূমিকা কি সেইবোৰৰো আলোচনা স্থানান্তৰত বহুত হৈছে। স্কটলেণ্ডৰ চহৰ গ্লোছগোত ৩১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ১৩ দিনীয়া জলবায়ু সন্মিলনত বিশ্বৰ বিভিন্ন প্রান্তৰ প্রতিনিধি আৰু ৰাষ্ট্ৰনেতাই এইবোৰ কথাকে আলোচনা কৰিব।
কাৰণ সমগ্র বিশ্ব আজি সংকটৰ চৰম সীমাত উপনীত হৈছে। উষ্ণতা বৃদ্ধিৰ সাম্প্ৰতিক মাত্রা ২ ডিগ্ৰীৰ ভিতৰত ৰাখিব নোৱাৰিলে কিমান কুফল ভোগ কৰিবলগীয়া হ'ব, তাৰ কেতবোৰ ৰেঙনি ইতিমধ্যে বিশ্ববাসীয়ে পাবলৈ ধৰিছেই। মানুহৰ বেপৰোৱা মনোভাব আৰু দায়িত্বহীন আচৰণ যদি অব্যাহত থাকে, তেনেহলে উষ্ণতা বৃদ্ধিৰ গতি বোধ সম্ভব নহ'ব। উষ্ণতা বৃদ্ধিৰ মাত্ৰাই যদি কেনেবাকৈ ৩ ডিগ্রী অতিক্রম কৰে, তেনেহ'লে বজ্রপাত-বানপানী-কনজুইতে বিশ্বব বুজন অংশৰ জীৱকূল ধ্বংস হ'ব। বাকীবোৰ পাৰ্শ্বক্রিয়া বাদেই।
গতিকে জনসাধাৰণে দায়িত্ব ল'বই লাগিব। ফটকা-ফুলজাৰি ফুটাই উদ্দাম আনন্দোল্লাস কৰাটোও এক দায়বদ্ধতাহীন আচৰণেই। নিজৰ ভৱিষ্যতৰ স্বাৰ্থতে এনে আনন্দোল্লাসৰ পথ পৰিহাৰ কৰিব লাগিব। দীপাৱালী পোহৰৰ উৎসৱহে, শব্দৰ উৎসৱ নহয়। বন্তিৰে জগত পোহৰায়ো পৰমানন্দ লাভ কৰিব পাৰি। অতীজত সেয়াই আছিল। ফটকা-ফুলজাৰিবোৰ আধুনিক সভ্যতাৰহে উৎপাদন। শেহতীয়াকৈ এই ফটকা-ফুলজাৰিক লৈ আমাৰ ৰাজ্যতো ভিন্নমুখী চিন্তা-চৰ্চা হৈ থকা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্তই সেউজ ফুলজাৰিৰ অনুমতি দিয়া হ'ব বুলি ঘোষণা কৰিছে। ফলত দেৱালীত আমাৰ ইয়াত বোমা ফটকা ফুটোৱাৰ চৰকাৰী বাধা-নিষেধ হয়তো কিছু আঁতৰিব। সেয়া চৰকাৰ প্ৰশাসনৰ কথা। কিন্তু জনসাধাৰণে নিজাকৈওতো পৰিবেশ অনুকুল সিদ্ধান্ত ল'ব পাৰে। পৰিবেশ ৰক্ষা মানুহেই কৰিব লাগিব মানুহৰ বাবে।