/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image.jpg)
একোটা সমষ্টিৰ নিৰ্বাচনৰ ফলাফলে একোটা ৰাজনৈতিক দলৰ ভৱিষ্যতকে নির্ণীত নকৰে, সমষ্টিটোৰ ভৱিষ্যতৰো আভাস দিয়ে। পিচে এইবাৰৰ মাজুলীৰ উপ-নির্বাচন বিজেপিৰ বাবে সিমান গুৰুত্বপূৰ্ণ নহয়, যিমান গুৰুত্বপূৰ্ণ আছিল ২০১৬ চনৰ নির্বাচনটো। অগপক নিষ্ক্রিয় কৰি আৰু কংগ্ৰেছৰ কঁকাল ভাঙি সেইবাৰৰ নিৰ্বাচনত বিজেপিয়ে যি সফলতা পাইছিল, সিয়ে নিৰূপণ কৰিছিল মাজুলীত দলটোৰ ভৱিষ্যৎ। কেৱল দলটোৰে নহয়, নিৰূপিত হৈছিল মাজুলীৰো ভৱিষ্যৎ।
২০১৬ চনৰ নিৰ্বাচনে দলটোক এনে এক সুদৃঢ় ভবিষ্যৎ গঢ়াই দিছিল, যাৰ বাবদ আজিৰ উপ-নির্বাচনটো তেওঁলোকৰ বাবে হৈ পৰিছে এক আনুষ্ঠানিকতা মাত্র। ভোটৰ যুদ্ধক্ষেত্ৰত দলটোৰ সাম্প্ৰতিক যি স্থিতি, সেয়া কিমান শক্তিশালী হ'ব পাৰে, মাজুলীত সন্মিলিত বিৰোধীৰ শোচনীয় দশাই বুজাই দিছে। সাংস্কৃতিক ঠাই এখনৰ ক্ষেত্ৰতো প্রার্থীজন কিমান সংস্কৃতিৱান, সেয়া আৰু এতিয়া নির্বাচনী জয়ৰ চৰ্ত নহয়। তেওঁ কোন দলৰ প্ৰাৰ্থী, সেইটোহে জৰুৰী কথা।
যেতিয়া ক্ষমতাৰ স্বাৰ্থত তৈয়াৰ কৰা এক বিশেষ ৰাজনৈতিক বাগধাৰা শক্তিশালী হৈ উঠে, তেতিয়া সেই বাগধাৰাৰ মাজত নিৰ্বাচনী প্ৰাৰ্থীগৰাকী চিত্তৰঞ্জন বসুমতাৰী নে ভুবন গাম, সেয়া অর্থহীন, অৰ্থৱহ এইটোহে যে কোন প্রার্থীয়ে এই বাগধাৰাক প্রতিনিধিত্ব কৰিছে। মাজুলীক লৈ বিজেপিৰ যে এক সুদূৰপ্ৰসাৰী আৰু সূক্ষ্ম পৰিকল্পনা আছিল, তাৰ ইংগিত ২০১৬ চনতে ফুটি উঠিছিল, যেতিয়া বাছি বাছি সর্বানন্দ সোণোৱালকে মাজুলীৰ প্ৰাৰ্থীৰূপে নিক্ষেপ কৰা হৈছিল।
যিহেতু সেইবাৰ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত আছিল, গতিকে মাজুলীবাসীয়ে তেওঁক অগ্রাহ্য কৰাৰ কোনো আশংকা নাছিল। তাৰ মাজতো মাজুলীবাসীয়ে সোণোৱালক গ্ৰহণ কৰাৰ আৰু দুটা মুখ্য কাৰণ আছিল, সেয়া হ'ল সোণোৱালৰ নৃতাত্ত্বিক পৰিচয় আৰু ভাবাদর্শ। জনজাতীয় সত্তাৰ আদৰ্শ প্রতিনিধি, অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তা আৰু এগৰাকী নৈষ্ঠিক বৈষ্ণৱ— তেতিয়াৰ এই পৰিচয়বোৰো কিছু হ'লেও কাৰক হৈ পৰিছিল।
সেই সময়ত বিজেপিয়ে মাজুলীক সাংস্কৃতিক ৰাজধানী হিচাপে বিভূষিত কৰি প্ৰচাৰ চলাইছিল আৰু সোণোৱালক তাৰ যোগ্য উত্তৰাধিকাৰী বুলি বিশ্বাস নিওৱাত সফল হৈছিল। নক'লেও হয় যে ২০১৬ চনৰ সহজ জয়ে মাজুলীত দৃঢ় কৰি তুলিছিল বিজেপিৰ খোপনি। সোণোৱালক আগবঢ়াই এই দখল অভিযানেৰে বিজেপিয়ে বিচাৰিছিল মাজুলীত হিন্দুত্ববাদী ৰাষ্ট্ৰীয় ভাবনাক সুপ্রতিষ্ঠিত কৰিবলৈ। মাজুলীৰ দৰে শংকৰী ঐতিহ্যৰ পীঠস্থানত আঘাত হানিব পাৰিলে বা মাজুলীৰ বৈষ্ণৱ সত্ৰসমূহৰ মাজত বৈদিকপন্থী হিন্দুত্ববাদী ধাৰাৰ ভেটি স্থাপন কৰিব পাৰিলে বহু কথাই সহজ হৈ যায়।
কিয়নো অসমৰ জাতীয় জীৱন বুলি যদি কিবা আছে, তেনেহ'লে তাৰে অন্যতম উপাদান শংকৰী আদৰ্শ আৰু সংস্কৃতিও। বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদে যে এনে ধৰণৰ কোনো আঞ্চলিক জাতীয় ভাবাদর্শক প্রশ্রয় নিদিয়ে, দলটোৱে নিজেও বহুবাৰ প্ৰকাৰান্তৰে খোলোচা কৰি দিছে। গতিকে মাজুলীত নিৰ্বাচনৰ জয়ৰ ফলাফলে কেৱল বিজেপিৰে ভৱিষ্যৎ নির্ণীত কৰা নাই, কৰিছে মাজুলীৰ সামাজিক-সাংস্কৃতিক জীৱনৰ ভৱিষ্যতকো। অর্থাৎ এই কথা স্পষ্ট যে মাজুলীৰ ভৱিষ্যৎ জীৱনৰ সম্ভাব্য পৰিবৰ্তনৰ বতাহে অৱলীলাক্রমেই সমগ্ৰ অসমত বা অসমীয়াৰ বৃহত্তৰ ৰাজনৈতিক জীৱনকো চুই যাব।
ইতিমধ্যে ইয়াৰ আভাস দেখা যাবলৈ ধৰিছেই। মাজুলীৰ শংকৰী আধ্যাত্মিক ভাবনাৰ মাজত একধৰণৰ যে পৰিবৰ্তন আহিছে, সেয়া ব্ৰহ্মপুত্ৰ নমামি উৎসৱৰ যাগ-যজ্ঞ বা হিন্দুত্ববাদীসকলে পতা সভা-সমিতিত বৈষ্ণৱ প্রতিনিধিৰ উপস্থিতিৰ জৰিয়তে প্রত্যক্ষ কৰা গৈছেই। সন্দেহ নাই যে ক্রমাগত তিনিটাকৈ নিৰ্বাচনৰ জৰিয়তে বিজেপিয়ে মাজুলীৰ বুকুৰে বৃহত্তৰ অসমীয়া জনজীৱনলৈ এখন ৰাজনৈতিক সেতু নির্মাণ কৰাৰ লক্ষ্যত বহুখিনি সফল হ'ল। পিচে মাজুলীবাসীৰ সফলতা ক'ত?
মাজুলীত বিগত কিছু বছৰত ৰাস্তা-ঘাট, অফিচ-কাছাৰী নিৰ্মাণ হৈছে ঠিকেই, কিন্তু এতিয়াও বহু জৰুৰী প্ৰয়োজন পূৰাবলৈ বাকী আছে। খহনীয়া প্ৰতিৰোধ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে সংযোগী এখন দলং মাজুলীবাসীৰ বাবে সবাতোকৈ প্রয়োজন। বিগত বছৰত ঘটি যোৱা ফেৰী দুর্ঘটনাই বুজাই দিছে মাজুলীবাসীৰ যাতনাৰ স্বৰূপ, বুজাই দিছে শাসকৰ ছলনা আৰু শোষণকাৰী ৰূপটোকো। সেই দুর্ঘটনাটো নঘটিলে শাসকৰ গা লৰিলহেঁতেন নে নাই সন্দেহ আছে। স্কুল-কলেজ, হাস্পতাল এইবোৰো মাজুলীৰ দীৰ্ঘদিনীয়া অভাৱ। প্রস্তাৱিত বহুল চর্চিত সাংস্কৃতিক বিশ্ববিদ্যালয়খন আজিকোপতি আৰম্ভ কৰিব পৰা হোৱা নাই।
সাংস্কৃতিক ৰাজধানী মানে কেৱল বিদ্যায়তনিক ৰূপটোকে নুবুজায় বা সত্ৰীয়া বা জনগোষ্ঠীয় ঐতিহ্যকো নুবুজায়; নুবুজায় ভৌগোলিক চেহেৰাটোকো, সাংস্কৃতিক চৰিত্ৰ ফুটি উঠিব লাগিব সামগ্রিক জীৱনধাৰাৰ মাজত। তেনে এটা জীৱন পাবলৈ হ'লে প্রথমে লাগিব জীৱন আৰু জীৱিকাৰ নিৰাপত্তা। জনা কথা যে কেৱল হিতাধিকাৰী আঁচনিৰ জৰিয়তে সেই লক্ষ্যত উপনীত হ'ব নোৱাৰি।