/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/editorial-image.jpg)
কোৰোনাৰ সংক্রমণ প্রায় শেষ হ'ল বুলিয়েই ধৰি লৈ অধিকাংশ লোকে বেপৰোৱা জীবন নির্বাহ কৰিবলৈ আৰম্ভ কৰাৰ ফলত আমাৰ ৰাজ্যৰ পৰিবেশ পুনৰ বেয়াৰ দিশলৈ গতি কৰাৰ আগজাননী ফুটি উঠিছে যোৱা কেইটামান দিনত। সামান্য অসাৱধান হ'লেই নিমিষতে কেনেকৈ পৰিস্থিতিৰ অবনতি ঘটিব পাৰে, যোৱা দুবছৰত সেই অভিজ্ঞতা পদে পদে হোৱা সত্ত্বেও মানুহে ক'ভিড সংক্ৰমণৰ পৰা ৰেহাই পাবলৈ কিয় ন্যূনতম সাবধানতাখিনি অবলম্বন কৰিব নিবিচাৰে, সেইটো আশ্চর্যজনক কথা। এনে অসাৱধানতাৰ পৰিণতি কি তাক কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই অসম আৰু পশ্চিমবংগৰ মুখ্য সচিব দুগৰাকীলৈ যোৱা ২৬ অক্টোবৰত দিয়া পত্ৰই স্পষ্ট কৰি দিছে।
আহুজাই পত্ৰখনত উল্লেখ কৰামতে যোৱা ২০ ৰ পৰা ২৬ অক্টোবৰলৈ অসমৰ ক'ভিড সংক্ৰমণৰ যি নতুন ঘটনা ঘটিছে, তথা বিগত ৪ সপ্তাহৰ ক'ভিড বুদ্ধিৰ যি তথ্য, তাৰ পৰা দেখা গৈছে যে ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ সংখ্যা হঠাৎ ৪১ শতাংশ বৃদ্ধি পাইছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ বিষয়াগৰাকীয়ে পত্ৰখনত উদ্বেগেৰে উল্লেখ কৰিছে যে ক'ভিড সংক্রমণ অস্বাভাবিকভাবে বৃদ্ধি পোৱাৰ এই সময়খিনিতে ক'ভিডৰ পৰীক্ষা চৰকাৰে হঠাৎ কমাই দিছে। যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ ৰাজ্যখনত ক'ভিডৰ পৰীক্ষা হৈছিল ১,৬৪,০৭১ টা, কিন্তু যোৱা ১৯-২৫ অক্টোবৰত এই সংখ্যা ১,২৭,০৪৮ লৈ কমাই দিয়া হয়।
কেন্দ্রীয় চৰকাৰৰ অতিৰিক্ত সচিবগৰাকীয়ে অসমৰ বৰপেটা আৰু কামৰূপ (মহানগৰ) জিলাত ক'ভিড সংক্রমণ বৃদ্ধিৰ হাৰ উদ্বেগজনকভাৱে বেছি বুলি পত্ৰখনত উল্লেখ কৰাৰ কথা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। উল্লিখিত কথাখিনিৰ পৰা দুটা কথা সমান্তৰালভাৱে স্পষ্ট হৈ পৰে— (এক) ৰাজ্যৰ জনসাধাৰণৰ অসাৱধানতা আৰু (দুই) ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতা। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াগৰাকীয়ে মুখ্য সচিবলৈ পত্ৰ দিয়া বুলিয়েই নহয়, এই কথাখিনি যিকোনো মানুহৰ দৃষ্টিলে আহে আপাত পর্যবেক্ষণতে। দুর্গা পূজা অহাৰ লগে লগে মানুহৰ ইচাট-বিচাট লাগি গ'ল। বজাৰত প্ৰচণ্ড ভিৰ। পূজাথলীবিলাকত আধ্যাত্মিক কামখিনিৰ বাদে অন্য একোৰেই আয়োজন নাছিল, তথাপি হেজাৰ হেজাৰ দর্শনার্থীৰ লানি নিছিলা ভিৰ।
ক'ভিড প্ৰট'কলৰ প্রতি কাৰো ভ্ৰূক্ষেপেই নাই, আনকি সাধাৰণ মাস্ক এখনো নাছিল বেছিভাগ মানুহৰ মুখমণ্ডলত। কেবল উৎসৱ বুলিয়েই নহয়, প্রাত্যহিক জীবন যাত্রাতো সম্প্রতি একেই আচৰণ। কণ্ঠিত সংক্রমণ চলি আছে, মানুহৰ মৃত্যু হৈয়ে আছে যদিও পৰিস্থিতিৰ গুৰুত্বক অনুধাবন কৰাৰ মানসিকতাই নাই অধিকাংশ মানুহৰ। নিজকো নিৰাপদে ৰাখিব নোখোজে, আনৰ বাবেও ভাবুকি হৈ পৰে। ইফালে ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলে মুখেৰে তাল-ফাল লগাই থাকে যদিও কার্যক্ষেত্ৰত তাৰ ওলোটা প্রতিফলন। এই ভয়ংকৰ সময়ত জনসাধাৰণৰ ওপৰত জাপি দিয়া হ'ল এটা অনাকাংক্ষিত উপ-নির্বাচন। দুজন বিধায়কৰ ক'ভিডত মৃত্যু হোৱাৰ ফলত উপ-নির্বাচন অৱধাৰিত আছিল যদিও বাকী তিনিটা সমষ্টিৰ উপ-নির্বাচন জাপি দিয়া হ'ল কেৱল শাসকীয় দলৰ ৰাজনৈতিক লাভৰ অংকত।
যি নহওক, যিহেতুকে এক স্পর্শকাতৰ সময়ত উপ-নির্বাচনটো হৈছে, গতিকে ইয়াত বিশেষ সাৱধানতাৰ প্রয়োজন আছিল। অন্ততঃ জনস্বাস্থ্যৰ খাতিৰত জনসভা, সমদল, পথসভা— এইবোৰ বাদ দিব পৰা গ'লহেঁতেন। কিন্তু নিদিলে, বৰঞ্চ মুখ্যমন্ত্ৰীগৰাকীয়েই ৪১ খনকৈ নির্বাচনী সভাত অংশ লৈ চমক দেখুৱালে, বাকীবোৰৰতো কথা বাদেই। গতিকে এনে এক দায়িত্বহীন পৰিবেশৰ মাজত জনসাধাৰণক অকলে দোষাৰোপ কৰাৰ অৰ্থ নাই। কিন্তু সকলোৱে অন্ততঃ এটা কথা বুজি পাব লাগিছিল যে যোৱা দুটা বছৰত কি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে আমি আগবাঢ়িবলগা হৈছে।
দেশৰ ভৱিষ্যতৰ সম্পদস্বৰূপ ল'ৰা-ছোৱালীবিলাকে এতিয়ালৈকে স্বচ্ছন্দে শিক্ষানুষ্ঠানলৈ যাব পৰা নাই, দুখীয়া-দৰিদ্ৰৰ উপাৰ্জনৰ পথবোৰ ভালকৈ খোল খোৱা নাই, নিবনুৱাৰ বাবে বন্ধ হৈয়ে আছে সংস্থাপনৰ দুৱাৰ। অন্ততঃ এইবিলাক কথালৈ চায়ে আমি প্রত্যেকেই সাবধান হোৱা উচিত আছিল। ঘৰত সোমাই বহি থাকিলে পেট নভৰে ঠিকেই, কিন্তু বাহিৰলৈ ওলাওঁতে, কর্মক্ষেত্ৰত থাকোতে ন্যূনতম সাবধানতাখিনি অৱলম্বন নকৰে কিয়? যিমান পৰা যায় ভিৰ বিলাকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা নকৰে কিয়? আমি সকলোৱে মনত ৰখা উচিত যে ইতিমধ্যে যিখিনি ক্ষতি হৈছে, তাৰ ক্ৰিয়া-প্রতিক্ৰিয়াৰ পৰা উদ্ধাৰ পাবলৈকে বহুত দিন লাগিব। এনে অৱস্থাত যদি সংক্ৰমণৰ তৃতীয়টো ঢৌ আহে, তেন্তে বহুতৰ বাবে জীয়াই থকাটোৱেই অসম্ভৱ হৈ পৰিব। মূল্যবৃদ্ধিয়ে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেয়া কাকো ক'ব নালাগে। নতুন সংক্রমণ, নতুন লকডাউন মানে এই পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলা। গতিকে ৰাইজ সজাগ হোৱাৰ লগতে চৰকাৰৰ দায়িত্বশীলসকলেও দায়বদ্ধতা প্রদর্শন কৰক।