”আমাৰ ভৱিষ্যৎ গঢ়িবলৈ দিয়া সংকেত”: ২৬ মাৰ্চত পালন কৰা হ’ব ধৰিত্ৰী ঘন্টা ২০২২…

”আমাৰ ভৱিষ্যৎ গঢ়িবলৈ দিয়া সংকেত”: ২৬ মাৰ্চত পালন কৰা হ’ব ধৰিত্ৰী ঘন্টা ২০২২…

author-image
asomiyapratidin
New Update
”আমাৰ ভৱিষ্যৎ গঢ়িবলৈ দিয়া সংকেত”: ২৬ মাৰ্চত  পালন কৰা হ’ব ধৰিত্ৰী ঘন্টা ২০২২…

ডিজিটেল ডেস্ক: ২০২২ চনৰ ২৬ মাৰ্চৰ সন্ধিয়া ৮.৩০ বজাত পালন কৰা হ'ব ডব্লিউ ডব্লিউ অফ "ধৰিত্ৰী ঘন্টা 2022"। মানুহৰ দ্বাৰা চালিত ধৰিত্ৰী ঘন্টা হৈছে বিশ্বৰ সৰ্ববৃহত পৰিৱেশ আন্দোলনৰ ভিতৰত এটা। ধৰিত্ৰী ঘন্টা-২০২২ ক লক্ষ্য হৈছে "আমাৰ ভৱিষ্যৎ গঢ়িবলৈ দিয়া সংকেত"। ই এটা নতুন যুগৰ সূচনা কৰিব যিয়ে মানুহ আৰু গ্ৰহটোক প্ৰথম স্থান দিব।

Advertisment

শান্তনু মৈত্ৰী আৰু বলিউডৰ আগশাৰীৰ গায়ক মোহিত চৌহানে Earth hour india anthem সংগীত ৰচনা কৰি উল্লেখ কৰিছে যে এতিয়া সকলোৰে বাবে এক সুৰক্ষিত আৰু উন্নত ভৱিষ্যতৰ দিশত কাম কৰাৰ আমাৰ আটাইতকৈ ডাঙৰ সুযোগ। তনবীৰ গাজীয়ে ৰচনা কৰা এই গীতটিত প্ৰাকৃতিক সুৰক্ষাৰ বাবে মানুহৰ অনুভূতি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত শান্তনু মৈত্ৰীয়ে কয় যে ধৰিত্ৰী ঘন্টা হৈছে সকলোৰে বাবে এই গোলকীয় আন্দোলনত অংশ হোৱাৰ বাবে বাধ্যতামূলক শক্তি।

উল্লেখ্য যে, অসমৰ পৰা ড০ পূৰ্ণিমা দেৱী বৰ্মন আৰু 'ফৰেষ্ট মেন অৱ ইণ্ডিয়া' যাদৱ পায়েঙক এই বছৰৰ আৰ্থ আৱাৰ কনজাৰ্ভেচন হিচাৰে নিৰ্বাচিত কৰা হৈছে।

ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ৰবি সিঙে কয় "ধৰিত্ৰী ঘন্টা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই সময়চোৱাত পৰিৱেশৰ উন্নতিৰ বাবে ব্যক্তিগত আৰু সামূহিকভাৱে কৰিব পৰা ধ্যান আৰু ইতিবাচক কাৰ্যৰ ওপৰত চিন্তা কৰাটো অতি প্ৰয়োজন"।

ধৰিত্ৰী ঘন্টা হৈছে ডব্লিউডব্লিউএফৰ মুখ্য গোলকীয় আন্দোলন। ২০০৭ চনৰ চিডনীত জন্মগ্ৰহণ কৰা ধৰিত্ৰী ঘন্টা পৰিৱেশৰ বাবে বিশ্বৰ সৰ্ববৃহত তৃণমূল আন্দোলন হিচাপে পৰিগণিত হৈছে, যি ১৯০ খনতকৈ অধিক দেশ আৰু অঞ্চলৰ ব্যক্তি,সম্প্ৰদায়. ব্যৱসায় আৰু সংগঠন প্ৰকৃত পৰিৱেশগত পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিছে। ঐতিহাসিকভাৱে, ধৰিত্ৰী ঘন্টা জলবায়ু সংকতৰ ওপৰত গুৰুত্ব দিছে। তদুপৰি ইয়াৰ উদ্দেশ্য হৈছে প্ৰকৃতিৰ বাবে এক অপ্ৰতিৰোধ্য আন্দোলন গঢ়ি তোলা।

earth hour