গহপুৰত ই-আলোচনী ‘ঢৌ’ উন্মোচন

গহপুৰত ই-আলোচনী ‘ঢৌ’ উন্মোচন

author-image
asomiyapratidin
New Update
গহপুৰত ই-আলোচনী ‘ঢৌ’ উন্মোচন

ডিজিটেল সংবাদ, উত্তৰ অসমঃ আজিৰেপৰা অসমৰ সাহিত্য জগতত সংযোজন হ'ল 'ঢৌ' শীৰ্ষক এখনি ই-মেগাজিন। আজি বিয়লি ৩ বজাত গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ব্যতিক্ৰমী ই-মেগাজিনখন উন্মোচন কৰে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত ডº ইন্দ্ৰানসী দাসে।

Advertisment

ঢৌ' ৰ মুখ্য সম্পাদক, কবি ড০ ভাস্কৰ জ্যোতি গগৈয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত ই-মেগাজিনখন উন্মোচন কৰি ড০ ইন্দ্ৰানসী দাসে কয় যে গহপুৰৰ মানুহ যথেষ্ট সংস্কৃতিৱান, গৰিষ্ঠ সংখ্যক যুৱক-যুৱতীয়ে ইতিবাচক চিন্তা ধাৰাৰে ইতিবাচক কাম-কাজত নিজকে নিয়োজিত কৰি ৰাখে। সেয়েহে তেওঁৰ বাবে এই ঠাইখন অতি আপোন। আলোচনীখনে গহপুৰৰ সাহিত্যৰ ক্ষেত্রখনত এচাম নতুন লেখক-লেখিকাৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সাহিত্য সেৱী দিগন্ত গোহাঞিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দেৱব্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰেণ ভূঞা, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, কবি নিকুঞ্জ কোঞৰ মহন্ত, মাছৰ কেন্দ্ৰীয় সচিব ৰিতুল বৰুৱা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভুৱনেশ্বৰ তাঁতি, গহপুৰ জিলা সন্থাৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিপুল হীৰাকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

নিজৰ ভাষণত আটায়ে 'নিৰপেক্ষ গহপুৰ'ৰ তৰফৰপৰা প্ৰকাশ পোৱা ই-মেগাজিনখনৰ লগত জড়িত মুখ্য সম্পাদক ড০ ভাস্কৰ জ্যোতি গগৈ, সম্পাদক বিপ্লৱ নেওগ, হেমন্ত বৰুৱা আৰু ব্যৱস্থাপক পৰশ শইকীয়াৰ এই ইতিবাচক পদক্ষেপ শলাগ লোৱাৰ লগতে তেওঁলোকে নিষ্ঠা সততা আৰু সামাজিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।