কবিতা ৪৪/ দুচকুত সপোন

দুচকুত সপোন। আঠুকাঢ়ি দুচকুত আশা লৈ/গৈছিলো পঞ্চ আঙুলিত হেঁচা দি /থিয় হৈছিলোঁ সপোনৰ লাখুঁটিত ভৰ দি/দূৰৰ মৰীচিকা দেখি

author-image
Asomiya Pratidin
New Update
কবিতা ৪৫/আগলতি কলপাত লৰে কি চৰে

poem

কল্যাণী ডেকা

আঠুকাঢ়ি দুচকুত আশা লৈ

গৈছিলো পঞ্চ আঙুলিত হেঁচা দি

থিয় হৈছিলোঁ সপোনৰ লাখুঁটিত ভৰ দি

দূৰৰ মৰীচিকা দেখি

মাজে মাজে খোলাবোমা

জীৱন বাটৰ একা-বেঁকা ৰাষ্টাত

ওলমি আছিল এখন জীৱন চিলা ।

গছডালে ভৰ সহিব পৰা নাছিল

আকাশখনে আছিল মেঘৰ স'তে আলোচনাত বহি

তৰাবোৰ আছিল অপেক্ষাৰত হৈ

কেতিয়া সপোনবোৰ সিঁচি দিব

নীলা চাদৰখনত বহি ।

সিদিনা ৰামধেনুৰ ৰংবোৰ

বহুত গাঢ় হৈ দেখা দিছিল

হয়তো সপোনৰ দাপোণখন

মেঘৰাজে চিকুণাই থৈছিল

আৰু তেতিয়া ৰাজহাড়ডালে

দিছিল সঁহাৰি থিয় হৈ থকা

পাহাৰখনৰ ফালে আঙুলিয়াই দি

ধৈৰ্য আৰু মনোবল অটুট থাকিলে

দুচকুৰ সপোন দিঠক কৰিব পাৰি

বৈ থকা নদীখনৰ দৰে

জীৱনটোও নিৰৱধি

সুখ-দুখৰ নাওত উঠি

মাৰিব লাগিব বঠা

দুচকুৰ সপোনৰ বাগিচাত নানা ৰঙৰ ফুল ফুলিব ।

assam poem poet