ভেটিয়নী গাঁৱত দূৰ্গা পূজাৰ আয়োজন...

ভেটিয়নী গাঁৱত দূৰ্গা পূজাৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
ভেটিয়নী গাঁৱত দূৰ্গা পূজাৰ আয়োজন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ- নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ভেটিয়নী গাঁৱত বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে শক্তিৰ অধিষ্ঠাত্ৰী মহিষমৰ্দিনী দেৱী দুৰ্গাৰ চৰনত প্ৰণিপাত জনাই পুস্প অৰ্ঘ দিবলৈ মনস্থ কৰি শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন আৰম্ভ হৈছে। অহা ৯ অক্টোবৰত ষষ্ঠী, ১০ অক্টোবৰত সপ্তমী, ১১ অক্টোবৰত অষ্টমী, ১২ অক্টোবত নৱমী আৰু ১৩ অক্টোবৰত দশমী আৰু বিসৰ্জন হব।

Advertisment

এই পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগিয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে আজি এখন উদযাপন সমিতি গঠন কৰা হয়। ভেটিয়নী সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ উদযাপন সমিতি খনিত সভাপতি বাবুল সৰকাৰ, সম্পাদক নিখিল চন্দ্ৰ সৰকাৰ সহ ৩১ জনীয়া সমিতি গঠন কৰা হয়। সমিতিয়ে শাৰদীয় দুৰ্গোৎসৱৰ সফলতাৰ বাবে অঞ্চলটোৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

ভেটিয়নী গাঁৱ