/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/durand-cup.jpg)
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে অসমৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ। বিশ্বৰ ভিতৰতে তৃতীয় প্ৰাচীন প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শীৰ্ষ সেনা বিষয়া ৰাণা প্ৰতাপ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তি তথা সেনা বাহিনীৰ শীৰ্ষ বিষয়া। শিল্পী পাপন আৰু ৰাৱবেন মাছাংভায় মেচখনৰ উদ্বোধনী গীত পৰিবেশন কৰি উপস্থিত দৰ্শক মনোৰঞ্জন দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/299915727_634910544665316_8664572553088958637_n.jpg)
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰল পৰম্পৰাগত সংস্কৃতি, ক্ৰীড়া প্ৰদৰ্শনো কৰা হয় ঐতিহাসিক প্ৰতিযোগিতাখনৰ মেচৰ পূৰ্বে। গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড আৰু উৰিষ্যা এফ চি মুখামুখি হয়।
মেচখনত উৰিষ্যা এফ চিয়ে নৰ্থ ইষ্ট ইউনাইটেডক ৬ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়। মেচখনৰ প্ৰথমাৰ্ধত ০-৩ গ'লেৰে অগ্ৰগতি লোৱা উৰিষ্যাই পৰৱৰ্তী সময়ত পুনৰ ৩ টা গ'লেৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক ধাৰাশায়ী কৰে। উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ মেচসমূহ কলিকতা, গুৱাহীট আৰু ইম্ফলত অনুষ্ঠিত হ'ব।