নম্বৰ প্লেটবিহীন ডাম্পাৰ-ট্ৰাক-ট্ৰেক্টৰৰ দৌৰাত্ম

১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় প্ৰতিটো দিনতে দুৰ্ঘটনা সংঘটিত হৈ লোক নিহত হৈ অহাৰ পিছতো বিভাগে একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

author-image
Asomiya Pratidin
New Update
নম্বৰ প্লেটবিহীন ডাম্পাৰ-ট্ৰাক-ট্ৰেক্টৰৰ দৌৰাত্ম

ডিজিটেল সংবাদ, মঙলদৈঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মাটিৰ দালাল, পৰিবহণ বিভাগৰ দালালৰ উপৰি শেহতীয়াকৈ সুদখোৰৰ ওপৰত ব্যৱস্থা গ্রহণৰ সময়তে মঙলদৈ পৰিবহণ বিভাগত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় প্ৰতিটো দিনতে দুৰ্ঘটনা সংঘটিত হৈ লোক নিহত হৈ অহাৰ পিছতো বিভাগে একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Advertisment

নম্বৰ প্লেট বিহীন ট্ৰাক, ডাম্পাৰ,টেক্টৰে দিন দুপৰতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মঙলদৈ চহৰত দৌৰাত্ম্যৰ সৃষ্টি কৰি আহিছে। যাৰ ফলত অতিষ্ঠ হৈছে স্থানীয় ৰাইজ।

অভিযোগ অনুসৰি, একাংশ নম্বৰ প্লেটহীন ট্ৰাক ,ডাম্পাৰ আৰু টেক্টৰৰ ব্যাপক প্ৰয়োভৰ পৰিলক্ষিত হৈছে তাৰ ফলত দুর্ঘটনা আৰু বৃদ্ধি হোৱাৰ আশংকা প্রকাশ কৰিছে সচেতন লোকসকলে। আনকি স্কুল-কলেজৰ সময়তো এই সমূহ গাড়ীয়ে নির্বিঘ্নে টিঘিলঘিলাই আছে চহৰখনত। এই ক্ষেত্ৰত কুম্ভকর্ণৰ নিদ্ৰাত থকা পৰিবহণ বিভাগৰ এনফ'ৰ্টমেন্ট ইন্সপেক্টৰসকলৰ ওপৰতো সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে।

mangoldoi