
ডিজিটেল সংবাদ দুমুনিচকী: "জল জীৱন মিছন"ৰ অধীনত ৰাজ্যখনৰ বিভিন্ন স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱা পানী যোগান আঁচনিসমূহ উন্নীতকৰণ কৰাৰ কাম চলি আছে। তাৰ সমান্তৰালভাৱে সম্প্ৰতি কামৰূপ জিলাৰ বাইহাটা উপসংমণ্ডলৰ অন্তৰ্গত তথা কেইবা বছৰ ধৰি বিকল হৈ পৰি থকা মালিবাৰী খোৱা পানী যোগান আঁচনি উন্নীতকৰণৰ কাম চলি আছে। চলিত বৰ্ষৰ প্ৰথম মাহৰ পৰা শামুকীয়া গতিৰে চলি থকা উক্ত আচঁনিত বৰ্তমান পানী পৰিবাহী পাইপ স্থাপনৰ কাম চলি আছে।
"জল জীৱন মিছন"ৰ অধীনত চলি থকা মালিবাৰী খোৱা পানী যোগান আঁচনি উন্নীতকৰণ কৰাৰ নামত প্ৰথম অৱস্থাত সৌৰশক্তিৰে পানী যোগান আঁচনিৰ কাম চলোৱা হ'ব বুলি কৈ বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যে কেইবাখনো চ'লাৰ প্লেট স্থাপন কৰা হয়। কিন্তু উক্ত চ'লাৰ প্লেট ব্যৱহাৰ নকৰাকৈ পূৰ্বৰ পৰা থকা বিদ্যুৎ ব্যৱস্থাক পুনৰ সক্ৰিয় কৰে। এনেদৰে বৈদ্যুতিক মটৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত মেৰামতিৰ নামত একাংশ বিভাগীয় বিষয়াৰ সঠিক পৰিকল্পনা নথকাৰ বাবে ৰাজকোষৰ ধন অপচয় হৈ আহিছে।
বছৰটোৰ প্ৰথমৰ পৰা খোৱা পানী যোগান আঁচনি উন্নীতকৰণৰ কাম আৰম্ভ হয় যদিও বৰ্তমান পানী পৰিবাহী পাইপ স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগক মাটি দান দিয়াৰ পিছতো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থকা মালিবাৰীবাসীৰ স্বাৰ্থতকৈ আবন্টিত ধন ৰাহি কৰাৰ স্বাৰ্থত থকা ঠিকাদাৰ পক্ষই নিৰ্দিষ্ট ধনৰ বিনিময়ত তলতীয়া একাংশ লোকক কামৰ দায়িত্ব প্ৰদান কৰে। যাৰ ফলত যেনে তেনে কাম সম্পন্ন কৰাৰ স্বাৰ্থত বিভাগীয় নীতি নিয়ম অনুসৰণ নকৰি পানী পৰিবাহী পাইপ স্থাপনৰ বাবে মধ্য মালিবাৰী চুবুৰিটোৰ ভিতৰলৈ এক্সকেভেটৰ নি গাঁত খান্দিবলৈ আৰম্ভ কৰে। যাৰ বাবে এক্সকেভেটৰৰ ওজনত চুবুৰীটোৰ চেণ্ডগ্ৰেভেল দিয়া কেচা পথটো বিধ্বস্ত হৈ পৰে।
এই সম্পৰ্কে চুবুৰীটোৰ লোকে ঠিকাদাৰক অবগত কৰাত ঠিকাদাৰে প্ৰয়োজনীয় মাটি আৰু চেণ্ডগ্ৰেভেল দিম বুলি আশ্বাস প্ৰদান কৰে। কিন্তু এক্সকেভেটৰে বিধ্বস্ত কৰা প্ৰায় আধা কিলোমিটাৰ পথত মাত্ৰ চাৰি ট্ৰেক্টৰ মাটি পেলাই যদিও উক্ত পথটোত সেয়া পৰ্যাপ্ত নহয়। ইয়াৰ উপৰি ২৯ আগষ্ট. দেওবাৰে দিনৰ ভাগত দিয়া বৰষুণে পথটো সম্পূৰ্ণ বোকাময় কৰি তোলাত যাতায়তৰ ক্ষেত্ৰত স্থানীয় লোকসকলে দুৰ্ভোগ ভূগিবলগীয়া হয়। ফলত স্বাভাৱিকতে ক্ষোভিত হৈ পৰে চুবুৰীৰ লোক সকল।
উল্লেখ্য যে ঠিকাদাৰে নিজে কামৰ তদাৰক কৰাৰ পৰিবৰ্তে তলতীয়া লোকক কামৰ দায়িত্ব দিয়াৰ বাবেই আঁচনি উন্নীতকৰণ কৰাৰ কাম অতি নিম্নমানেৰে কৰিবলৈ সুযোগ লাভ কৰিছে। ফলশ্ৰুতিত মাটিৰ তিনি ফুট তলত স্থাপন কৰিবলগীয়া পানী পৰিবাহী পাইপ মাটিৰ ওপৰত দৃশ্যমান হৈ আছে। আনফালে চুবুৰীটোৰ ভিতৰলৈকে এক্সকেভেটৰ নি পাইপ স্থাপনৰ কামত ব্যৱহাৰ কৰাৰ ফলতেই পথটো বিধ্বস্ত হৈছে। ঠিকাদাৰ পক্ষৰ এনে অদূৰদৰ্শিতা আৰু হঠকাৰীতাৰ বাবে মালিবাৰীৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগীয়া হৈছে।
এইবিষয়ে সম্পৰ্কে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাইহাটা উপসংমণ্ডল বিষয়া প্ৰকাশ হালৈ অবগত হোৱাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিষয় সন্দৰ্ভত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। আনহাতে স্থানীয় লোকে ঠিকাদাৰ পক্ষক পথটো মেৰামতি কৰাৰ দাবী জনাই অনাগত সময়ত পাল মৰা ধৰণে কাম কৰাৰ পৰা বিৰত থাকিবলৈ স্পষ্ট কৰি দিয়ে।