/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e36bd87b-3e79-479f-b89a-1259e8b5075a/439.jpg)
ডিজিটেল ডেস্ক : বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ সা-সম্পত্তি ! চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা প্ৰায় কোটি টকাৰ ঋণ লৈ পৰিশোধ কৰা নাই দুলু আহমেদে।
নিৰ্দিষ্ট বেংকটিৰ পৰা দুলু আহমেদে বুবু আলী নামৰ লোকজনৰ নামত ঋণ লৈছিল ৯১ লাখ, ৭৫ হাজাৰ, ২৯ টকা। চেন্ট্ৰেল বেংকৰ গড়আলিস্থিত যোৰহাট শাখাৰ পৰা লৈছিল উক্ত পৰিমাণৰ ঋণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e51486be-733b-4b75-ab7d-b75472fa2ba6/447987866_7747434961990739_2227808767436064661_n.jpg)
উল্লেখ কৰা প্ৰয়োজন যে এই বৃহৎ পৰিমাণৰ গেৰাণ্টাৰ হিচাপে আছিল দুলু আহমেদ। মঙলবাৰে হাতীগাঁওস্থিত আহমেদৰ বাসগৃহত বেংকে দিছিল জাননী।
জানিব পৰা মতে ৬০ দিনৰ অন্তিম সময়সীমা বান্ধি দিছে বেংক কৰ্তৃপক্ষই। অন্যথা বাজেয়াপ্ত হ'ব পাৰে দুলু আহমেদৰ ঘৰ তথা সম্পত্তি।
Also Read: ৰনাল্ডোৱে নহয়, ভাগ্যয়ে জিকালে পৰ্তুগালক...