দুধনৈ উন্নয়ন সমিতিৰ সোণালী জয়ন্তীৰ সফল সামৰণি

দুধনৈ উন্নয়ন সমিতিৰ সোণালী জয়ন্তীৰ সফল সামৰণি

author-image
asomiyapratidin
New Update
দুধনৈ উন্নয়ন সমিতিৰ সোণালী জয়ন্তীৰ সফল সামৰণি

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দুধনৈ উন্নয়ন কমিটিৰ সোণালী জয়ন্তী অনুষ্ঠানৰ দেওবাৰে সফল সামৰণি পৰে৷

Advertisment

সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে মুকলি সভা, আলোচনা চক্ৰ আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইফালে অনুষ্ঠানৰ মাজতে দুধনৈ উন্নয়ন সমিতি গঠন হোৱাৰে পৰা জড়িত থকা সভাপতি, সম্পাদক, সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উন্নয়ন সমিতিৰ অন্তৰ্গত অঞ্চলসমূহৰ অাৰ্থ সামাজিক উন্নয়ন আদি বিভিন্ন দিশ সান্নিৱিষ্ট 'দুধনৈ দৰ্পণ' নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়৷

অনুষ্ঠানৰ সামৰণিৰ দিনটোত 'সাম্প্ৰতিক সময়ত নাগৰিকৰ সামাজিক দায়বদ্ধতা আৰু কৰ্তব্য' শীৰ্ষক এখন আলোচনা চক্ৰ আয়োজন কৰা হয়। আলোচনা চক্ৰখনৰ অলোচক তথা মুকলি সভাত উপস্থিত থাকে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মলিনা দেৱী ৰাভা, ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভা, আইনজীৱি জীতেন দাস, বিশিষ্ট সাংবাদিক জ্ঞানশংকৰ খাখলাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

সন্ধিয়া সোণালী জয়ন্তীৰ পতাকা অৱতৰণ লগে লগে দুধনৈ উন্নয়ন সমিতিৰ ৫০ বছৰীয়া সোণালী জয়ন্তীৰ সফল সামৰণি পৰে৷