/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/73m55uck/AP-FOR-WEB-3-.jpg)
ডিজিটেল সংবাদ, দুধনৈঃ আজি সাহিত্য চৰ্চা কেন্দ্ৰ, অসম আৰু নতুন দিল্লীৰ সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত দুধনৈ মহাবিদ্যালয়ত 'মুলাকাত' আৰু "নাৰী-চেতনা" শীৰ্ষক দুটা অনুষ্ঠান ৰূপায়িত কৰা হয়। সাহিত্য অকাডেমীৰ অসমীয়া ভাষা পৰিষদৰ সংযোজক দিগন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা দুয়োটা অনুষ্ঠানৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি কুমাৰ দীপক দাসে।
অনুষ্ঠানত অতিথিসকলক উদ্দেশ্যি আদৰণী ভাষণ পাঠ কৰে সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড০ পৰিতোষ চক্ৰৱৰ্তীয়ে। "মুলাকাত" অনুষ্ঠানত ত্ৰিশৰ অনূৰ্ধ পাঁচজন লেখকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকল হ'ল ভৃগুজিৎ কলিতা, অসীম কছাৰী, চয়নিকা দাস, অংকনা চক্ৰৱৰ্তী আৰু প্ৰদ্যুম্ন দাস। মুলাকাত অনুষ্ঠান সমাপ্তিৰ লগে লগে আৰম্ভ হয় "নাৰী-চেতনা" অনুষ্ঠান।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ মীৰা দেৱী, মিনা শৰ্মা, গিৰিজা শৰ্মা, হিৰনপ্ৰভা দেৱী আৰু জবা চক্ৰৱৰ্তীয়ে। দুয়োটা অনুষ্ঠানতে অংশগ্ৰহণকাৰীসকলে কবিতা আৰু গল্প পাঠ কৰে। তদুপৰি ড০ মীৰা দেৱীয়ে নাৰী চেতনা বিষয়ক বক্তৃতা আৰু জবা চক্ৰৱৰ্তীয়ে গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰে। অধ্যক্ষৰ ভাষণত দিগন্ত বিশ্ব শৰ্মাই ঋষি অৰবিন্দ, বিবেকানন্দ আদি মনিষীসকলৰ উধৃতিৰে প্ৰাচীন ভাৰতৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে বহলাই কয়।
তেখেতে পাশ্চাত্যতকৈ প্ৰাচ্যৰ সাহিত্য, দৰ্শন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণৰ অন্তত তেখেতে স্বৰচিত তিনিটা কবিতা আবৃতি কৰে।সভাৰ সভাপতি কুমাৰ দীপক দাসে উঠি অহা যুৱ চামৰ সাহিত্য চৰ্চা ৰ লগতে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত সাহিত্য একাডেমিৰ সৌজন্যত অনুস্থিত কৰা এনে কৰ্মসূচীয়ে এক নিৰ্ণায়ক ভূমিকা লব পাৰে মত প্ৰকাশ কৰে।
সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত সকলোকে পৰিবৰ্তনৰ মাজেৰে নতুনৰ বাট বুলিবলৈ পৰামৰ্শ প্ৰদান কৰে ।অনুষ্ঠানৰ শেষত সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড০ ভৱেশ দাসে সাহিত্য অকাডেমীৰ বিসয়ববীয়াসকলৰ লগতে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ললিত চন্দ্ৰ ৰাভা, ড০পাৰুল নাথকে ধৰি উপস্থিত আটাইলৈ শলাগ জ্ঞাপন কৰে।
Also Read: আৰক্ষীৰ ভুল! জামিন পালে ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত ৰঞ্জিত কাকতিয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us