নগাঁৱৰ ডিএছপি সবিতা দাসৰ বাইদেউগিৰি! যুৱকক ঘোঁচ বিচাৰি গ’ল চাকৰি

নগাঁৱৰ ডিএছপি সবিতা দাসৰ বাইদেউগিৰি! যুৱকক ঘোঁচ বিচাৰি গ’ল চাকৰি

ডিজিটেল সংবাদ, নগাঁওঃ যুৱকৰ পৰা ৪০ হাজাৰ টকা দাবী কৰি অৱশেষত নিলম্বিত হ'ল নগাঁৱৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সবিতা দাস। চহৰখনৰ পানীগাঁও অঞ্চলৰ সৌৰভ হাজৰিকা নামৰ এজন যুৱকে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ধন দাবী কৰাৰ অভিযোগ তুলি আৰক্ষী সঞ্চালক প্ৰধানক অভিযোগ পত্ৰ দাখিল কৰিছিল।

সেই অভিযোগৰ ভিত্তিত বিষয়টো তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে নিৰ্দেশ দিছিল। সৌৰভ হাজৰিকাই অভিযোগ কৰা মতে ৩১ আগষ্টৰ নিশা বন্ধুৰ সৈতে গাড়ীৰ ভিতৰত কথা পাতি থকা অৱস্থাত ডিএছপি দাসে ৪০ হাজাৰ টকা দাবী কৰিছিল। টকা নিদিলে বিপদ হ'ব বুলিও ভাবুকি দিছিল।

তাৰ পিছতে বিষয়াগৰাকীয়ে উৎকোচ বিচৰাৰ অভিযোগ তুলি ৩ ছেপ্তেম্বৰত আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল সৌৰভ হাজৰিকাই। সেই অভিযোগৰ আধাৰতে বিষয়টো তদন্ত কৰি ১৭ ছেপ্তেম্বৰত নিলম্বন কৰা হয় ডিএছপি সবিতা দাসক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in