ডিজিটেল সংবাদ চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান ৷ দেওবাৰে নিশা দৌলাশাল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত ৷
উল্লেখ্য যে ধৃত আমানুৰে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলায় আহিছিল ৷ আমানুৰ ৰহমানে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কথা মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে জানিব পৰাত আমানুৰক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ পাই আমানুৰে বহিঃৰাজ্যকে ধৰি ডিব্ৰুগড়ত দীৰ্ঘদিন ধৰি পলাই থাকে৷
ধৃত আমানুৰে দেওবাৰে ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ঘূৰি থাকোঁতে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আমানুৰক আটক কৰে ৷ ধৃত আমানুৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত ৰুজু হৈ থকা ৫৯৭/২১ নম্বৰ গোচৰ আৰু এন ডি পি এচ আইনৰ ২২ (চি)/২৯ ধাৰাত সোমবাৰে নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক জে'ল- হাজোতলৈ প্ৰেৰণ কৰে ৷