নামৰূপত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ…

নামৰূপত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
নামৰূপত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, নামৰূপ: সোমবাৰে নিশা নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰানা কুমাৰ নাথে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  নীল কমল বৰুৱাৰ সহযোগত নামৰূপ থানাৰ অন্তৰ্গত  দিল্লী দোৱণীয়া গাঁৱত অভিযান চলাই ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ কৰে । 

Advertisment

নাহৰকটীয়া  থানাৰ পৰা পোৱা  তথ্য মতে সোমবাৰে নিশা  গোলাই বস্তিৰ  অমৰ মুখার্জি ওৰফে লিটনে (৩২ বছৰ/ পিতা – দুলাল মুখার্জি  )এই গাঁৱৰ  গড়কাপ্তানী পথৰ  কাষত  সন্দেহজনক ভাবে   বহু সময় অপেক্ষা কৰি থকা  আৰক্ষীয়ে প্ৰত্যক্ষ কৰে। 

অৱশেষত  আৰক্ষীয়ে  এনডিপিএস আইন ( NARCOTIC DRUGS AND PSYCHOTROPIC SUBSTANCES, ACT, 1985.  অনুযায়ী  অমৰ মুখার্জি ওৰফে  লিটনক তালাচী  চলাই, ব্যক্তিজনৰ হাতৰ পৰা  ৭.০১  গ্রাম ওজনৰ  সন্দেহজনক হেৰোইন সহ পাছটা কনটেইনাৰ  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা  হেৰোইন  জব্দ কৰি  লিটনক   সোধা পোচা কৰাত  দিল্লী দোৱণীয়া   গাঁৱৰ কৃষ্ণ চুতীয়া (৩১ বছৰ /   পিতা প্রাণনাথ চুতীয়া )  নামৰ ব্যক্তি জনৰ গ্ৰ'ছাৰী দোকানখনে   হেৰোইন জাতীয় নিচা যুক্ত সামগ্ৰীৰ সংৰক্ষণ  কৰি ৰখা বুলি  স্বীকাৰোক্তি  দিয়ে। 

আৰক্ষীয়ে  কৃষ্ণ চুতীয়াৰ গেলামালৰ  দোকানত  তালাচী চলাই  কোনো সন্দেহ জনক  দ্ৰব্য  পোৱা নগল যদিও   স্বীকাৰোক্তি ভিত্তিত  দোকানৰ স্বত্বাধিকাৰী কৃষ্ণ চুতীয়াক নিশাই আটক  কৰিছে নামৰূপ আৰক্ষীয়ে।  ইফালে  ড্ৰাগছ  সহ   অমৰ মূখাৰ্জীকো  গ্ৰেপ্তাৰ কৰিসোধা পোছা অব্যাহত ৰাখিছে নামৰূপ আৰক্ষীয়ে।  এই সন্দৰ্ভত নামৰূপ আৰক্ষী থানাত কেচ নং ২০/২২ ত ভাৰতীয় দণ্ড বিধিৰ  21b/ 25  NDPS  আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

আৰু পঢ়ক: কমনৱেলথ সংসদীয় সংস্থাৰ বৈঠকৰ আজি অন্তিম দিন…

assam drugs