মৰিগাঁৱত ড্ৰাগছসহ আটক ৩জন…

মৰিগাঁৱত ড্ৰাগছসহ আটক ৩জন…

author-image
asomiyapratidin
New Update
মৰিগাঁৱত ড্ৰাগছসহ আটক ৩জন…

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাৰ নেতৃত্বত লাহৰিঘাট আৰু মৰিগাঁও যুটীয়া অভিযান চলাই মৈৰাবাৰীৰ দাঁতিয়ালবৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

আৰক্ষীয়ে অভিযানত নগাঁও হাটপাৰাৰ জেহিৰুল ইছলাম আৰু নগাঁও বৰতল কচাৰিগাঁৱৰ অনিৰুল ইছলাম, চেলিমা খাতুন নামৰ লোক কেইজনক আটক কৰে।

আটক হোৱা ব্যক্তি কেইজনে AS02CC0989 নম্বৰ টাটা মোবাইল গাড়ীৰে কঢ়িয়াই আনোতে আৰক্ষীয়ে জব্দ কৰে।আৰক্ষীয়ে ২৮ টা চাবোনৰ বাকচত ড্ৰাগছ জব্দ কৰিছে আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি জানিবলৈ দিয়ে।

আৰু পঢ়ক: ঢকুৱাখনা পৌৰ সভাৰ নৱ-নিৰ্বাচিত আয়ুক্তবৰ্গৰ শপত গ্ৰহণ …

drugs assam Assam police