৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ…

৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ…

author-image
asomiyapratidin
New Update
৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ…

ডিজিটেল সংবাদ, বোকাজান: পুনৰ ৩ কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ। খটখটি আৰক্ষী জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী লগতে জব্দ কৰে ৩ তিনিখনকৈ গাড়ী ।

খটখটি বৰলেঙৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাবা হাজৰিকাৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল এইচ ৰানীৰৌ নামৰ মণিপুৰৰ এগৰাকী মহিলাই।

আৰক্ষীয়ে অভিযান চলাই ৭৯৫ গ্ৰাম ড্ৰাগছৰ লগতে জব্দ কৰে নগদ ৩ লাখ ৫৮ হাজাৰ টকা আৰু বহু নথি পত্ৰ। ৬০ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।

ঘটনাৰ সৈতে জড়িত এখন স্কৰপীয়, মাৰুটি এছ ক্ৰছ আৰু এখন অট'ত জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী মূল অভিযুক্ত অল এইচ ৰানীৰৌৰ লগতে আৰ এন সুৰেন্দৰ আৰু ফক' মাও আটক কৰে আৰক্ষীয়ে।

ক্লিক কৰি পঢ়কঃ সৰুপথাৰ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ ডকাইত…

drugs assam