/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7e86fa8a-406e-405e-b627-8e353ceede71/dru.jpg)
ডিজিটেল সংবাদ, বোকাজান: বোকাজানৰ ডিলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । বুধবাৰে ডিলাই আৰক্ষীৰ গোপন নাকা তালাচীত জব্দ প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ।
ডিমাপুৰৰ পৰা অহা এখন ইনভা আৰু মাৰুটি কাৰত জব্দ ১ কেজি ২৬৫ গ্ৰাম ড্ৰাগছ জব্দ। ড্ৰাগছৰ লগতে নগদ ৭৫ হাজাৰ টকা, মোবাইল ফোন আৰু বহুতো নথি পত্ৰ জব্দ কৰা হৈছে।
১০০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছৰ লগতে গ্ৰেপ্তাৰ হয় ৪ জন। ৪ ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ডেনিয়েল কিঠাৰি, চাহাবিৰ আলি, কাপানী এছ আৰু চাহজাহান আহমেদ বৰভূঞা।