জলপথেৰে ড্ৰাগছ সৰবৰাহ, জব্দ প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ…

জলপথেৰে ড্ৰাগছ সৰবৰাহ, জব্দ প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ…

author-image
asomiyapratidin
New Update
জলপথেৰে ড্ৰাগছ সৰবৰাহ, জব্দ প্ৰায় ৮ কোটি টকা মূল্যৰ ড্ৰাগছ…

ডিজিটেল সংবাদ, বোকাজান: সলনি হৈছে ড্ৰাগছ ব্যৱসায়ীৰ কৌশল। স্থলপথ এৰি এইবাৰ জলপথেৰে ড্ৰাগছ সৰবৰাহ। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে বস্তাত ভৰাই আনিছিল ৮৫ টা ড্ৰাগছৰ বাকচ।

ধনশিৰী নদী পাৰ কৰি নাগালেণ্ডৰ পৰা বোকাজানলৈ অনাৰ সময়তে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। প্ৰায় ১ কেজি ৪০ গ্ৰাম ড্ৰাগছ জব্দ আৰক্ষীৰ। এই ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৮ কোটি টকা।

ইতিমধ্যে দুই ড্ৰাগছ সৰবৰাহকাৰী ভিকাত' য়েপথমি আৰু হিটহ' চুমীক আটক কৰিছে বোকাজান আৰক্ষীয়ে। দুয়োৰে ঘৰ ডিমাপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

drugs assam Assam police