বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন…

বটদ্ৰৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত  বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বাটমাৰীত বুধবাৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হয়। জুৰীয়া আৰক্ষীৰ অভিযানত বাটমাৰীৰ আব্দুল ৰেজাকৰ ঘৰৰ পৰা প্ৰায় লক্ষাধিক টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ৩৬টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, এখন মটৰ চাইকেল, মবাইল হেনছেত সহ গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰেজাক আটক কৰে।

আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, গোপন সূত্ৰৰ পমখেদি ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলাইছিল। বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: এজাক বৰষুণতে ডুবিল সাৰ উদ্যোগৰ আবাসিক এলেকা, লক্ষাধিক মূল্যৰ সামগ্ৰী নষ্ট…

drugs assam Assam police