কাছাৰত ব্ৰাউন চুগাৰ সহ আটক ১

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজণ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷

author-image
Asomiya Pratidin
New Update
কাছাৰত ব্ৰাউন চুগাৰ সহ আটক ১

drugs seized

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজণ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ডিএছপি কল্যাণ কুমাৰ দাস আৰু সোনাই থানাৰ অছি মহাত্ম্য মানস সন্দিকৈৰ নেতৃত্বত চলা অভিযানত নগদীৰগ্ৰামৰ পৰা ১৩ টা ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকছ জব্দ ৷

Advertisment

বাকচ কেইটাৰ পৰা ১৬৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয় ৷ ব্ৰাউন চুগাৰৰ সৈতে আটক কৰা হয় এজন সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী জনৰ নাম নাকতাৰ হুছেইন ৷ এখন স্কুটিৰ ডিগিৰ ভিতৰত লুকুৱাই বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰা হয় ব্ৰাউন চুগাৰ খিনি ৷

assam Assam police drugs