নগাঁৱত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক

সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সমান্তৰালকৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত দুঠাইত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক

আটক ২

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সমান্তৰালকৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত দুঠাইত ড্ৰাগছ সহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বটদ্ৰবা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুধবাৰে নিশা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয়।

Advertisment

গোপন সূত্ৰৰ পম খেদি বটদ্ৰবা আৰক্ষীয়ে চলোৱা অভিযানত নিশা বাটমাৰীৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰীটোৰ লগত ১৩.১৩ গ্ৰাম ড্ৰাগছ, এটা চাবোনৰ কেচ আৰু ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS-02-AJ 2249 নম্বৰৰ এখন পালছাৰ মটৰচাইকেল কৰে।সৰবৰাহকাৰীটোৰ নাম হিজমুল বাহাৰ।ইফালে নগাঁৱৰ হয়বৰগাঁও আৰু জাজৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত যোৱা কালি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

উক্ত অভিযানত গেন্ধুৱা পথাৰৰ বাবুল খায়েৰ নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক হয়।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে দীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুত ধূলি দি সংগোপনে ড্ৰাগছৰ ব্যৱসায় চলাইছিল। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে আধিক তথ্যৰ বাবে দুইটা ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।

drugs assam Assam police