বটদ্ৰৱা আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…

বটদ্ৰৱা আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, বটদ্ৰৱা: মৰিগাঁও আৰক্ষী আৰু মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী পহৰা চকীত দেওবাৰে ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ ধনীয়াভেটিৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

বটদ্ৰৱা সমষ্টিৰ বৰিবজাৰ-বটদ্ৰৱা থান সংযোগী গড়কাপ্তানি পথৰ ধনীয়াভেটিৰ পৰা মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাইক খেদি খেদি আৰক্ষীয়ে ধনীয়াভেটি পথাৰত আটক কৰে।

আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱৰ নাছিৰ উদ্দিন আৰু এহিয়া ছালাম বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ৭ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ।

চাবোনৰ পেকেটত ভৰ্তি কৰি অনা ড্ৰাগছখিনিৰ ওজন ৮৫ গ্ৰাম। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ড্ৰাগছৰ লগতে দুটা মবাইল ফোন, এখন মটৰচাইকেল আৰু এখন খুকুৰি জব্দ কৰে।

আৰু পঢ়ক: অইলক পৰাজিত কৰি ষষ্ঠ বাৰৰ বাবে এ টি পি এৰ খিতাপ লাভ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ…

assam Assam police drugs