জোৰশিমুলীত ড্ৰাগছসহ আটক আজিজুল হক

জোৰশিমুলীত ড্ৰাগছসহ আটক আজিজুল হক

author-image
asomiyapratidin
New Update
জোৰশিমুলীত ড্ৰাগছসহ আটক আজিজুল হক

ডিজিটেল সংবাদ, গৰৈমাৰীঃ ছয়গাঁও আৰক্ষীয়ে লাৰুৱাজানত সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী এজনক আটক কৰিবলৈ সমৰ্থ হয়৷

Advertisment

জানিব পৰা মতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকাৰ নেতৃত্বত আৰু জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকাৰ সহযোগত সোমবাৰে দুপৰীয়া লাৰুৱাজান চাৰিআলি চ'কত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত সৰবৰাহকাৰী এজনক হাতে-লোটে ধৰা পেলাই আৰক্ষীয়ে৷

ধৃত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ১৪ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ড্ৰাগছ সৰবৰাহকাৰীজন বকো সমষ্টিৰ টুপামাৰী গাঁৱৰ আজিজুল হক বুলি চিনাক্ত কৰা হৈছে৷ ড্ৰাগছ সৰবৰাহকাৰী ধৃত আজিজুল হকক ছয়গাঁও আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে৷

assam drugs