বোকাজানত উৎখাত ড্ৰাগছৰ ঘাটি…

বোকাজানত উৎখাত ড্ৰাগছৰ ঘাটি…
  • বোকাজানত ড্ৰাগছৰ ঘাটি উৎখাত।
  • বোকাজান আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৯ কোটি টকাৰ ড্ৰাগছ।
  • খটখটি ৰেংমা বস্তিত দীৰ্ঘদিনৰ পৰা চলি আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
  • বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে প্ৰায় ১ কেজি ৩৩০ গ্ৰাম ড্ৰাগছ।
  • ৯৯ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি।
  • ইতিমধ্যে তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে এখন ইক'ভান আৰু এখন জিপচি জব্দ কৰে আৰক্ষীয়ে।
  • মণিপুৰৰ পৰা এই দুখন বাহনত আনিছিল এই ড্ৰাগছখিনি।
  • ড্ৰাগছৰ লগতে বহু টকা, ATM কাৰ্ড আৰু বহু নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in