বটদ্ৰৱাত আটক ড্ৰাগছ ব্যৱসায়ী নুৰজামাল…

বটদ্ৰৱাত আটক ড্ৰাগছ ব্যৱসায়ী নুৰজামাল…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত আটক ড্ৰাগছ ব্যৱসায়ী নুৰজামাল…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ বটদ্ৰৱা আৰক্ষীয়েও চলাইছে ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি স্থানীয় আমছু কৰ্মীৰ সহযোগত বটদ্ৰৱাৰ জামতলৰ পৰা নুৰজামাল হক নামৰ ড্ৰাগছ ব্যৱসায়ীটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Advertisment

বটদ্ৰৱাৰ বাটমাৰী গাঁৱৰ ড্ৰাগছ ব্যৱসায়ীটোৱে As-02AE-3098 নম্বৰৰ গ্লেমাৰ বাইকেৰে ড্ৰাগছ লৈ গৈ থকাৰ উমান পাই, আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত ড্ৰাগছ ব্যৱসায়ীটোৱে আমছু কৰ্মীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ধৃত ব্যৱসায়ীটোৰ পৰা এটা চাবোনৰ বাকচত ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: পলাতক ড্ৰাগছ সৰবৰাহকাৰী "লিমাই"ক গ্ৰেপ্তাৰ

drugs assam