জখলাবন্ধাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

জখলাবন্ধাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
জখলাবন্ধাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ,কলিয়াবৰ: জখলাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী । সোমবাৰে জখলাবন্ধাৰ বাঘজানৰ পৰা গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী গৰাকী।

সৰবৰাহকাৰী ৰিকু আনছাৰী বুলি জানিব পৰা গৈছে৷ ধৃত ৰিকু আনছাৰীৰ ঘৰ বাঘজানত। আৰক্ষীয়ে যুৱকজনৰ সৈতে জব্দ কৰিছে চাৰিটা ব্ৰাউন ছুগাৰৰ কণ্টেনাৰ।

ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতেই জালত পৰে আৰক্ষীৰ। বাঘজানৰ এটা তেল ডিপুৰ কাষৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰিকুক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: ঢকুৱাখনাত  মিচিং ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট …

drugs assam