ডিজিটেল ডেস্ক : মহানগৰীৰ লালমাটিত দেৱালত অংকন কৰে কৃষক নেতা অখিল গগৈৰ প্ৰতিচ্ছবি । কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত এই প্ৰতিচ্ছবি অংকন কৰিছিল অংগ আৰ্ট কালেকটিভ নামৰ সংগঠনটোৱে ।
ইফালে প্ৰতিচ্ছবি অংকন কৰা ঠাইত উপস্থিত হয় বশিষ্ঠ আৰক্ষী । বশিষ্ট আৰক্ষীয়ে অখিল গগৈৰ সেই প্ৰতিচ্ছবি মছি পেলাবলৈ নিৰ্দেশ দিয়ে । পৰবৰ্তী সময়ত কৃষক নেতা গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰা অংগ আৰ্ট কালেক্টিভৰ সদস্য কেইজনক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় ।