/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/udayaditya-bharali-former-principal-of-cotton-123695.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ বিশিষ্ট লিখক, ইতিহাসবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ- অধ্যাপক উদয়াদিত্য ভৰালী গুৰুতৰভাৱে অসুস্থ। সম্প্ৰতি মুম্বাইত চিকিৎসাধীন হৈ আছে বিশিষ্ট চিন্তাবিদগৰাকী। কেইদিনমানৰ পূৰ্বে মুম্বাইৰ কোকিলাবেন হাস্পতালত তেখেতৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।
অৱশ্যে জটিল ৰোগত আক্ৰান্তহৈ চিকিৎসাধীন হৈ ধকা উদয়াদিত্য ভৰালীৰ স্বাস্থ্য এতিয়া সংকটমুক্ত। শুকুৰবাৰে পুৱা টেলিফোনত তেওঁ অসমৰ কিছু বন্ধু-শুভাকাংক্ষীৰ সৈতে টেলিফোনত কথাও পাতে। অধ্যাপক ভৰালীক চিকিৎসকে তিনি মাহ সম্পূৰ্ণৰূপে বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছে।
নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰি চিকিৎসালয়ৰ বিচনাৰ পৰাই অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত ৰাজ্যৰ বাহিৰত এইদৰে থাকিব লগা হোৱাত মনোকষ্ট হোৱা বুলিও তেওঁ ফোনতে বন্ধুমহলৰ আগত প্ৰকাশ কৰে। অৱশ্যে সকলোৱে তেওঁক এনে সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক যত্নৱান হবলৈ পৰামৰ্শ দিয়ে।