/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/buranji.jpg)
তুষাৰ প্ৰতিম
বুৰঞ্জী সাহিত্য হৈছে এটা জাতিৰ দাপোন। এটা জাতিৰ ইতিহাসক জাতিটোৰ বৰ্তমানৰ লগত পৰিচয় কৰাই দিয়ে বুৰঞ্জী সাহিত্যই। অসমত ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰাৰ পিছৰ সময়ছোৱাৰ পৰাই অসমত বুৰঞ্জী শব্দৰ প্ৰচলন হৈছিল। আহোমসকলে বুৰঞ্জী লিখাৰ প্ৰথা মাওলুংৰ পৰাই অসলৈ কঢ়িয়াই আনিছিল।
প্ৰথম অৱস্থাত আহোমসকলে টাই ভাষাত বুৰঞ্জী লিখিছিল যদিও কালক্ৰমত আহোম স্বৰ্গদেউসকলে ব্ৰাহ্মণ্যবাদৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে ৰাজসভাত ব্ৰাহ্মণ পণ্ডিত নিযুক্তি দিয়াৰ পিছতে অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ৰ পৰাই আৰম্ভ হৈছিল অসমীয়াত বুৰঞ্জী লিখাৰ প্ৰক্ৰিয়া।
অৱশ্যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰহৈ অসমত প্ৰৱেশ কৰাৰ পিছৰে পৰা ৰাজ্যত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ ঘটনাসমূহ লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেই মৰ্মেই টাই পণ্ডিতসকলে বুৰঞ্জী লিখাৰ পৰম্পৰাৰ আৰম্ভণি কৰিছিল। অসমত প্ৰৱেশ কৰাৰ পিছতে চুকাফাই লিখোৱা প্ৰথমখন বুৰঞ্জী আছিল "চুকাফাৰ বুৰঞ্জী"। এই বুৰঞ্জীত মাওলুংৰ পৰা চৰাইদেউলৈ চুকাফাৰ বৰ্ণিল যাত্ৰাৰ বৰ্ণনা আছে।
অসমীয়াত ভাষাত লিখা প্ৰথমখন বুৰঞ্জী আছিল স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ ৰাজত্বকালত লিখি উলিওৱা "শ্ৰীশ্ৰী স্বৰ্গনাৰায়ন মহাৰাজৰ জন্মকথা"। বৰ্তমানলৈকে প্ৰায় ১০০ৰ পৰা ১৫০ খন বুৰঞ্জী পুৰাবিষ্কৃত হৈছে। ১৯৩০ চনৰ পৰা পণ্ডিতপ্ৰবৰ সূৰ্যকুমাৰ ভূঞাৰ তত্বাৱধানত বিভিন্ন বুৰঞ্জী সংকলিত, অনুদিত আৰু প্ৰকাশিত হৈছিল। মূল গ্ৰন্থবোৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰাৰ লগতে বিভিন্ন পাণ্ডুলিপিৰ পৰা সংগ্ৰহীত কৰা হৈছে।
এই গ্ৰন্থবোৰৰ লগতে, পাণ্ডুলিপিবোৰ আছিল সম্ভ্ৰান্ত ৰাজপুৰুষসকলৰ ব্যক্তিগত পুথিভঁৰালত। আহোমৰ শেষৰ জন ৰজা পুৰন্দৰ সিংহৰ মহাফেজখানাৰ পৰাৰ বহু এনে গ্ৰন্থ আৰু পাণ্ডুলিপি সংগ্ৰহ কৰা হৈছিল। আহোম পুৰোহিত বিশেষকৈ দেওধাই বা বাইলু; সকলৰ পৰাও সংগ্ৰহ কৰা হৈছিল। আনহাতে বহু সাধাৰণ পৰিয়ালত পাৰিবাৰিক বুৰঞ্জী আছিল যদিও সেইবোৰক পূজা, অৰ্চনাও কৰা হৈছিল। তেনে বহু পাৰিবাৰিক বুৰঞ্জীও সংগ্ৰহ কৰা হৈছিল। ড০ ভূঞা আৰু তেওঁৰ সহযোগীসকলে এইক্ষেত্ৰত অসম চৰকাৰৰ পুৰাতত্ব আৰু ঐতিহাসিক অনুসন্ধান বিভাগৰ অকুন্ঠ সহযোগিতা তথা পৃষ্ঠপোষকতাও লাভ কৰিছিল।
এইগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদৰ কেইবাখনো বুৰঞ্জী অতি শেহতীয়াকৈ ইংৰাজীলৈ অনুবাদ কৰা হৈছে। যি সময়ত বুৰঞ্জী বিষয়ে অধিক চৰ্চাৰ প্ৰয়োজন হৈছে, বুৰঞ্জী বিষয়ত প্ৰচুৰ অধ্যয়নৰ প্ৰয়োজন হৈছে সেই সময়তে কেইবাখনো গুৰুত্বপূৰ্ণ বুৰঞ্জী ইংৰাজীলৈ অনুবাদ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
সুৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাস, ডিভিএছ পাব্লিছাৰ্ছ, সম্পাদিকাদ্বয় অধ্যাপিকা ড° শীলা বৰা আৰু ড° মনোৰমা শৰ্ম্মাৰ উদ্যোগত ২৬ ফ্ৰেব্ৰুৱাৰী ২০২২, শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত সুৰ্য কুমাৰ ভূঞা সম্পাদিত বুৰঞ্জী সমূহৰ ইংৰাজি তৰ্জমাৰ চাৰিখন কিতাপ উন্মুচন কৰা হয়।
কেইবা শতিকাৰ পূৰ্বেই ৰচনা কৰা এই বুৰঞ্জীসমূহ প্ৰাচীন অসমীয়া ভাষাত লিখিত থকাৰ বাবে সাধাৰণ পাঠক আৰু আনকি প্ৰাচীন অসমীয়া ভাষাত ব্যুৎপত্তি নথকা আধুনিক ইতিহাস চৰ্চাত ব্ৰতী গৱেষক সকলৰ বাবেও এই বুৰঞ্জী সমূহৰ অৰ্থ উলিয়াই বিশ্লেষন কৰাত অসুবিধা হৈছিল। ইয়াৰ উপৰিও অসম তথা ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্যসমূহৰ প্ৰাচীন ইতিহাস সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ আছে এই বুৰঞ্জীসমূহত।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাস সম্পৰ্কে অধ্যয়ন আৰু গৱেষণা সন্দৰ্ভত দীৰ্ঘদিন ধৰি এক অভাৱ স্থানীয় গৱেষকসকলৰ লগতে দেশ, বিদেশৰ গৱেষকসকলেও এক অভাৱ অনুভৱ কৰি আহিছিল। শেহতীয়াকৈ লোৱা এই পদক্ষেপে দেশ বিদেশৰ ইতিহাসবিদ সকলৰ এটা গুৰুত্বপূৰ্ণ অভাৱ পূৰণ হ'ব বুলি আশা কৰা হৈছে।
ড০ সূৰ্য কুমাৰ ভূঞাই জীৱন কালতে অসমৰ এই প্ৰাচীন বুৰঞ্জীৰ সমল বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সপোন দেখিছিল।সেয়েহে ২০১৫চনতে সুৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাস, ডিভিএছ পাব্লিছাৰ্ছ তেওঁৰ বুৰঞ্জীসমূহ ইংৰাজীলৈ অনুবাদ কৰাৰ এক প্ৰকল্প হাতত লৈছিল আৰু সেই প্ৰকল্পৰ অধিনতে প্ৰথম পৰ্যায়ত ৪ খন অতি গুৰুত্বপূৰ্ণ বুৰঞ্জী ইংৰাজীলৈ অনুবাদ কৰা হৈছে।
প্ৰথম পৰ্যায়ত প্ৰকাশিত চাৰি খন বুৰঞ্জী ক্ৰমে 'কছাৰী বুৰঞ্জী' মৃণাল ডেকাই, 'ডেওধাই অসম বুৰঞ্জী' মহেশ চন্দ্ৰ বৰাই 'জয়ন্তীয়া বুৰঞ্জী' অনিল কুমাৰ বৰুৱাই আৰু 'হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী' সঞ্জীৱ নাথে ইংৰাজীলৈ অনুবাদ কৰিছেে। আনহাতে ড° শীলা বৰা আৰু ড° মনোৰমা শৰ্ম্মই অনুদিত চাৰিওখন বুৰঞ্জীৰ সম্পাদনা কৰিছে।
পৰ্যায়ক্ৰমে ড০ শৰ্মাৰ প্ৰায়বোৰ বুৰঞ্জীয়েই ইংৰাজীলৈ অনুবাদ কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হ'ব বুলি সুৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাস, ডিভিএছ পাব্লিছাৰ্ছে জনাইছে ।১৯৩০ চনৰ পৰা ড০ সূৰ্য কুমাৰ ভূঞাই এখনৰ পিছত এখনকৈ বহু বুৰঞ্জী সম্পাদনা কৰিছে। তেওঁৰ গ্ৰন্থ সংকলন কোঁৱৰ বিদ্ৰোহ (১৯৪৮), বুৰঞ্জীৰ বাণী (১৯৫১), ৰমণী গাভৰু (১৯৫১), বুৰঞ্জীমূলক প্ৰবন্ধাৱলীৰ তালিকা (১৯৫৫), মীৰজুমলাৰ অসম আক্ৰমণ (১৯৫৬), ত্ৰিপদী, শৰাইঘাটৰ সুবচনী, ৰাজেশ্বৰ সিংহ, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, সাতগৰী অসম বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী,তুংখুঙ্গীয়া বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, অসম বুৰঞ্জী, বঙালী ভাষায় আসামেৰ ইতিহাস (বঙালী) অবসানে আহোম ৰাজত্ব আদি গ্ৰন্থই অসমৰ ইতিহাস চৰ্চা কৰাৰ লগতে গৱেষণাত সদায়েই বিশে অৰিহণা যুগাই আহিছে।
অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাতা আছিল ড০ সূৰ্য কুমাৰ ভূঞা। যোৰহাট মিছন বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভ কৰা ভূঞাই বিভিন্ন স্থান আৰু সময়ত বিভিন্ন চাকৰি কৰি ১৯৪৯ চনত অসমৰ শিক্ষাধিকৰ ৰূপে অৱসৰ গ্ৰহন কৰে। ১৯৪৬ চনত সূৰ্যকুমাৰ ভূঞা কটন কলেজৰ অধ্যক্ষ হিচাপে কৰ্মৰত আছিল। কটন কলেজৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰা তেওঁৱেই আছিল প্ৰথম অসমীয়া।
১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ড০ ভূঞা। ইয়াৰ পাছত ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত আছিল তেওঁ। ১৯৩৩ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ৰায়বাহাদুৰৰ খিতাপ লাভ কৰিছিল। তেওঁৰ বুহমুখী প্ৰতিভাৰ বাবে ১৯৫৩ চনত অসম সাহিত্য সভাৰ সভাপতি হয় আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল।
তেওঁ ৰচনা কৰা জীৱনীমূলক গ্ৰন্থ আনন্দৰাম বৰুৱা, স্বৰ্গদেউ গদাধৰ সিংহ, হাজী মহম্মদ মহসীন, আনন্দৰাম ঢেকীয়াল ফুকন, জগন্নাথ বৰুৱা, মানিকচন্দ্ৰ বৰুৱা, হৰিনাথ দে, দ্বিজেন্দ্ৰলাল ৰয়, গুৰুদাস বন্দোপাধ্যায়, হেমচন্দ্ৰ গোস্বামী, মোমাই তামুলী বৰবৰুৱা, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ জৰিয়তেওঁ সেই সময়ৰ অসমৰ সমাজ, ৰাজনীতি, সংস্কৃতি আদিৰ দিশ সমূহ সুন্দৰকৈ প্ৰকাশ কৰিছে। সেই গ্ৰন্থসমূহৰ জৰিয়তে নিৰ্দিষ্ট ব্যক্তিজনকেই নহয়, সেই সময়ৰ অসম খনৰ সুন্দৰ আভাস পোৱা যায়।
এইগৰাকী মহান অসমীয়াৰ বুৰঞ্জীসমূহ ইংৰাজীলৈ অনুবাদ কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইয়া নিশ্চয় অসম তথা অসমীয়াৰ বাবে আজিৰ সময়ত এক অতি গুৰুত্বপূৰ্ণ বিষয়। তেওঁৰ যি চাৰিখন গ্ৰন্থ প্ৰথম পৰ্যায়ত ইংৰাজীলৈ অনুবাদ কৰা হ'ল সেই অনুবাদ সমূহত অনুদাকে কোনো ব্যাখ্যা বা বিশ্লেষণ সংযোজন কৰা নাই। পাঠক তথা বুৰঞ্জীৰ গৱেষক সকলে যাতে মৌলিক পাণ্ডুলিপিৰ লগত অনুদিত পাঠ ৰিজাই চাব পাৰে সেইবাবে মৌলিক পাণ্ডুলিপি গ্ৰন্থসমূহৰ বাওঁফালৰ পৃষ্ঠাত হুবহু মুদ্ৰণ কৰা হৈছে। অৱশ্যে ঐতিহাসিক প্ৰসংগৰ সংগতি ৰক্ষাৰো চেষ্টা কৰা হৈছে।
আশা কৰা হৈছে এই অনুবাদসমূহে উৎস হিচাপে বুৰঞ্জীক বিশদ্বায়নৰ জগতলৈ লৈ যাব। এই সমল সমূহে আমাক অতীতৰ লগত যোগাযোগ প্ৰতিষ্ঠা কৰাত এক সাকো হিচাপে সহায় কৰে। সেয়েহে এই গুৰুত্বপূৰ্ণ সম্পদৰাজিক নতুনকৈ দেশ-বিদেশৰ পাঠক তথা গৱেষক সকলৰ মাজলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেইয়া নিশ্চয় প্ৰশংসনী আৰু গুৰুত্বপূৰ্ণ।