‘চিৰ চেনেহী ভাষা জননী’ৰ হৈ দীঘেলীৰ পৰা পেৰিছ-আমষ্টাৰডামলৈ এক বৰ্ণিল যাত্ৰা…

‘চিৰ চেনেহী ভাষা জননী’ৰ হৈ দীঘেলীৰ পৰা পেৰিছ-আমষ্টাৰডামলৈ এক বৰ্ণিল যাত্ৰা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ আপোনভোলা মানুহজন গ'লগৈ। হাঁহি এটা অনবৰতে লাগি আছিল তেওঁৰ। সকলোকে সহজতে আপোন কৰি ল'ব পাৰিছিল তেওঁ। মানুহজনে কোনো দিনে দৌৰি ফুৰা নাছিল প্ৰাপ্তিৰ পিছত। মানুহজন আন কোনো নহয়, তেওঁ হৈছে সাহিত্যাচাৰ্য ভাষাবিদ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য।

১৯২৫ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁৰ জন্ম। জন্মস্থান অবিভক্ত কামৰূপ তথা বৰ্তমানৰ নলবাৰী জিলাৰ দীঘেলীত। মেধাৱী ছাত্ৰ হিচাপে পৰিচিত ভট্টাচাৰ্যই ১৯৪৩ চনত দুটা বিষয়ত লেটাৰ মাৰ্ক আৰু বৃত্তিসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় প্ৰৱেশিকা পৰীক্ষাত। ১৯৪৫ চনত আসমীয়া বিষয়ত লেটাৰ মাৰ্ক আৰু বৃত্তিসহ প্ৰথম বিভাগত আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ বি বৰুৱা কলেজৰ সৰ্বশ্ৰেষ্ঠ ছাত্ৰৰূপে বিশেষ বৃত্তি লাভ কৰে।

ইয়াৰ মাজতে ১৯৪৪ চনত দেৱীপ্ৰভাৰ সৈতে আগবিয়াত বহে তেওঁ। ১৯৪৮ চনত ডিষ্টিংশ্যনসহ বিএ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫১ চনত পাছবিয়াত বহি দাম্পত্য জীৱনৰ পাতনি মেলে। দাম্পত্য জীৱনৰ সমান্তৰালভাৱে পঢ়া-শুনা অব্যাহত ৰাখি একেটা বৰ্ষতে সুখ্যাতিৰে এম এ পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বৰ্ষতে বড়ো ভাষা শিক্ষাৰ বাবে অসম চৰকাৰৰ পৰা বৃত্তি লাভ কৰাৰ লগতে বি বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা ৰূপেও নিযুক্ত হয়।

১৯৫৪-৫৬ চনত ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত আধুনিক ভাষাতত্ব সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। ১৯৬২ চনত বি বৰুৱা কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ ১৯৮৬ চনৰ এপ্ৰিল মাহলৈ প্ৰায় ২৫ বছৰ ধৰি সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে তেওঁ। ১৯৬৫ চনত তেওঁ লাভ কৰে ডক্টৰেট ডিগ্ৰী। বি বৰুৱা কলেজত অধ্যক্ষৰ দায়িত্বত থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগত অংশকালীন অধ্যাপক ৰূপেও কাৰ্যনিৰ্বাহ কৰে ডঃ ভট্টাচাৰ্যই।

১৯৭৯ চনত ডঃ ভট্টাচাৰ্যই যোগ দিয়ে পেৰিছত অনুষ্ঠিত চীন-তিব্বতীয় ভাষা আৰু ভাষাতত্বৰ দ্বাদশ আন্তৰ্জাতিক সন্মিলনত। ১৯৮৫ চনত মহীশূত অনুষ্ঠিত চাউথ ইষ্ট এছিয়ান লিংগুইষ্টিক বিষয়ক আন্তৰ্জাতিক সন্মিলনত যোগ দিয়ে তেওঁ। ১৯৮৯-৯১ চনত লিংগুইষ্টিক ছ'চাইটি অব আছামৰ সভাপতি হিচাৰে কাৰ্যনিৰ্বাহ কৰে তেওঁ।

১৯৯৬ চনত নেদাৰলেণ্ডছৰ আমষ্টাৰডামস্থিত ৰিক্স বিশ্ববিদ্যালয়ত অনুষ্ঠিত ভাষা বিষয়ক আন্তৰ্জাতিক সন্মিলনত অশংগ্ৰহণ কৰে ডঃ ভট্টাচাৰ্যই। ইয়াৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় ভাষা বিভাগত অতিথি শিক্ষকৰূপে আৰু স্নাতকোত্তৰ শ্ৰেণীত বড়ো ভাষাৰো অধ্যাপনা অব্যাহত ৰাখে তেওঁ।

১৯৯৮ চনত কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি পদৰ দায়িত্ব লাভ কৰে। ১৯৯৯ চনত তেওঁক প্ৰদান কৰা হয় আসম সাহিত্য সভাৰ ডঃ লীলা গগৈ জনকৃষ্টিমূলক স্মাৰক বঁটা। ২০০১ চনত কামৰূপ জিলা সাহিত্য সভাই তেওঁক 'কামৰূপ ৰত্ন' উপাধিৰে বিভূষিত কৰে।

২০০৪ চনত প্ৰাকৃতিক কবি সন্মিলনে তেওঁক প্ৰজ্ঞা ভূষণ উপাধি প্ৰদান কৰে। ২০০৫ চনত তেওঁ লাভ কৰে বডোফা উপেন ব্ৰহ্ম বঁটা। একেটা বৰ্ষতে তেওঁক অসম সাহিত্য সভাই প্ৰদান কৰে 'কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা'।

অসমীয়া আৰু ইংৰাজীত ভাষা বিষয়ক কুৰিখনতকৈয়ো অধিক গ্ৰন্থ আৰু গৱেষণা পত্ৰৰে জাতিটোক সমৃদ্ধ কৰি থৈ যোৱা ভট্টাচাৰ্যক ২০১০ চনত অসম সাহিত্যসভাই প্ৰদান কৰে 'সাহিত্যাচাৰ্য' সন্মান। ২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ লাভ কৰে সন্মানীয় 'ডিলিট' উপাধি। সেই বৰ্ষতে তেওঁক অসম জাতীয় বিদ্যালয়েও বিশেষভাৱে সন্মান প্ৰদান কৰে। ২০১৭ চনত তেওঁক উৰিষ্যাৰ সংস্কৃত একাডেমীয়ে প্ৰদান কৰে 'ভাষা সৰস্বতী' সন্মান।

৯৪ বছৰ বয়সতো মুখত হাঁহি লৈ তেজাল হৈ থকা মানুহজন কিছুদিন পূৰ্বে অসুস্থ হৈ পৰে। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত। অৱশেষত আজি পুৱা প্ৰায় ৪.৪০ বজাত চিৰ বিদায় লয় ওৰেটো জীৱন চিৰ চেনেহী ভাষা জননীৰ হকে কাম কৰি যোৱা সাহিত্যাচাৰ্যগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in