/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c85feae7-ac7f-4898-b0bd-b6db0f53a46a/67cdf279-538a-4be7-ada5-b71283c71b84.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত বিলতীয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ পবিত্ৰ প্ৰাণ হাজৰিকাই চিকিৎসা বিষয়ৰ দুটা বিভাগত লাভ কৰা বিশেষ কৃতকাৰ্য্যতাই গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ গহপুৰ মহকুমালৈ।
যুৱ চিকিৎসক ডা: পবিত্ৰ প্ৰাণ হাজৰিকাই ভাৰতৰ জন স্বাস্থ্য ফাউণ্ডেছনৰে সংলগ্ন চেন্নাইৰ ডাঃ মোহন ডায়েবেটিচ এডুকেছন একাডেমিৰ পৰা ডায়েবেটিচ মেনেজমেণ্ট বিষয়ত দুবছৰীয়া পাঠ্যক্ৰমৰ ফেলশ্বিপ লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে।
ইয়াৰ উপৰিও তেওঁ শিশুৰ পৰিপুষ্টি বিষয়ত আমেৰিকাৰ বুষ্টন ইউনিভাৰ্চিটি স্কুল অফ মেডিচিন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা এবছৰীয়া অন লাইন পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰি আন এক কৃতিত্ব অৰ্জন কৰিছে।
অধ্যয়নৰ ক্ষেত্ৰত সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্র হিচাপে পৰিচিত ডাঃ পবিত্ৰ প্ৰাণ হাজৰিকাই ২০১৩ চনত ডিপ্লমা ইন মেডিচিন ৰুৰেল হেল্থ কেয়াৰ আৰু ২০২৯ চনত এম বি বি এছ ডিগ্ৰী লাভ কৰিছিল।তেওঁ গহপুৰ মহকুমাৰ অন্তৰ্গত সোলেঙী নিবাসী তথা গহপুৰ মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত মহেন্দ্ৰ হাজৰিকা আৰু দীপা হাজৰিকাৰ সুযোগ্য পুত্ৰ।