৮৩ বছৰ বয়সত কেনে আছে শংকৰী কলা, সংস্কৃতিৰ গৱেষক ড° নৰেন কলিতা…

৮৩ বছৰ বয়সত কেনে আছে শংকৰী কলা, সংস্কৃতিৰ গৱেষক ড° নৰেন কলিতা…

author-image
asomiyapratidin
New Update
৮৩ বছৰ বয়সত কেনে আছে শংকৰী কলা, সংস্কৃতিৰ গৱেষক ড° নৰেন কলিতা…

ডিজিটেল সংবাদ নগাঁও : শংকৰী কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিস্হা কৰাৰ ক্ষেত্ৰত নিৰৱে সাধনা কৰা ড° নৰেন কলিতাই সোমবাৰে গৰকিলে ৮৩ টি বসন্ত ৷ ১৯৪০ চনত জন্ম গ্ৰহন কৰা ড° নৰেন কলিতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ সৃষ্টকৰ্মক গৱেষনাৰ জৰিয়তে উদ্ধাৰ কৰি পুনৰোদ্ধাৰ কৰিছিল ৷

Advertisment

বৰদোৱাত লুকাই থকা কাঠৰ প্ৰাচীন ভাস্কৰ্য শিল্প , তাৰ ইতিহাস আৰু নন্দনমূল্য বিচাৰ কৰি ড° কলিতাই প্ৰকাশ কৰিছিল "বৰদোৱাৰ শিল্পবস্তু"৷ গ্ৰন্হখনিৰ ভাস্কৰ্য সমূহ ক'লা, বগা আৰু ৰঙীন চিত্ৰৰে সমৃদ্ধ ৷ দুটি ভাগত প্ৰকাশ পোৱা গ্ৰন্হখনিৰ দ্বিতীয় ভাগত গবেষক ড° কলিতাই ভাস্কৰ্য সমূহৰ মাজেৰে প্ৰকাশ নৃত্য আংগিক গুৰুত্ব প্ৰদান কৰিছিল ৷

এই গৰাকী পুৰোধা ব্যক্তিৰ ৮৩ বসন্ত গৰকা ওপজা দিনত নগাঁৱৰ ফাইন আৰ্ট চচাইতিৰ সভাপতি শিল্পী গকুল চেত্ৰী , নগাঁও কবি সন্মিলনৰ দ্বিজেন্দ্ৰ মোহন হাজৰিকা , ভিউফাইণ্ডাৰ ফটোগ্ৰাফীৰ নৃপেন শইকীয়াৰ , পল্লবী শৰ্মাৰ নেতৃত্বত প্ৰতিনিধি বৰ্গ উপস্হিত থাকে ৷ প্ৰতিনিধি বৰ্গই ড° কলিতাৰ নগাঁও চহৰৰ শেনচোৱাস্হিত বাসভবনত উপস্হিত হৈ ওপজা দিনৰ ওলগ জনোৱাৰ লগতে কেক কাটি জন্ম দিন পালন কৰে ৷

১৯৮৫ চনত "বৰদোৱা শিল্পবস্তু" ৰ জৰিয়ত বৰদোৱাৰ কাঠৰ ভাস্কৰ্যৰ বিষয়ে অধ্যয়ন , ১৯৮৬ চনত " কপিলীপাৰ কছাৰীপাৰ " ৰ জৰিয়তে কপিলী যমুনা উপত্যকাৰ শিলৰ প্ৰাচীন ভাস্কৰ্য আৰু সমাজ অধ্যয়ন , ১৯৮৬ ত অসমৰ পুথিচিত্ৰ , ২০০৮ ত বিল্বমংগল স্তোত্ৰ গ্ৰন্হ কেইখনি প্ৰকাশ কৰিছিল ৷ ইয়াৰ বাহিৰও ড° কলিতাৰ ইংৰাজী ভাষাৰ আৰু ৬ খন গবেষনামূলক গ্ৰন্হ আছে ৷

অসম সাহিত্য সভাৰ হৰিপ্ৰসাদ নেওগ মুদ্ৰন অলংকৰন বঁটা, জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা , চিত্ৰপট সন্মান , আনন্দৰাম বৰুৱা বঁটা , মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা প্ৰাপক ড° নৰেন কলিতাৰ সন্দৰ্ভত সাহিত্যাচাৰ্য মহিম বৰাই কৈছিল " মই ভাবো অসম সাহিত্য সভাৰ সভাপতিৰ বাবে তেওঁ উপযুক্ত লোক ৷" ৮৩ টি বসন্ত পাৰ কৰা ড° কলিতাই বৰ্তমানেও অধ্যয়ন আৰু সাহিত্য সৃষ্টিত নিৰৱে মনোনিবেশ কৰি আহিছে ৷