/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/945d1568-7aba-4453-8dae-150bd196c388.jpg)
ড০ নন্দেশ্বৰ ৰাজমেধিৰ খবৰ ল'বলৈ অৱশেষত আহিল পত্নী-বৰপুত্ৰ। কিন্তু লক্ষ্য আছিল যেন পণ্ডিতগৰাকীৰ পেঞ্চনৰ ধন আৰু এটিএমখন। কি হ'ল শান্তি নিবাসত পণ্ডিত তথা সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যপক গৰাকীৰ সৈতে…। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ আন এক বিশেষ প্ৰতিবেদন।
অৱশেষত শান্তি আশ্ৰম ওলালেহি নন্দেশ্বৰ ৰাজমেধিৰ পত্নী আৰু তেওঁৰ বৰপুত্ৰ। এক শোকাকুল আৰু আবেগিক পৰিৱেশ বিৰাজ কৰিলে শান্তি নিৱাস বৃদ্ধাশ্ৰমত। সৰু পুত্ৰই মাৰপিট কৰি অত্যাচাৰ চলোৱা নন্দেশৰ ৰাজমেধিৰ আত্মহত্যাৰ বাবে ৰে'লৰ আলিত বহি থাকোতে যোৱা শুকুৰবাৰে তেওঁক সাংবাদিক মজিবুৰ ৰহমানে উদ্ধাৰ কৰি তেওঁ পৰিচালনা কৰা বৃদ্ধাশ্ৰমখনলৈ লৈ আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/বৰ.jpg)
সন্দিকৈ কলেজৰ প্ৰাক্তন অধ্যাপকগৰাকীয়ে যোৱা ৩ দিন ধৰি আশ্ৰয় লৈ আছে এই আশ্ৰমত। ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ পোৱাৰ পাছত পিতৃ আৰু স্বামীক দেখা কৰিবলৈ অহা ড০ ৰাজমেধিৰ পত্নী হীৰামণি ৰাজমেধিয়ে থোকাথুকি মাতেৰে কয়- কিদৰে অত্যাচাৰ চলায় স্বামীক।
কেৱল হাতেৰে নহয়, চেণ্ডেলেৰেও প্ৰহাৰ কৰে সৰু পুত্ৰই হেনো পিতৃক। টকা বিচাৰিলে বিচৰা মতে টকা নিদিলেই চলে এই অত্যাচাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/bc7849df-a960-4658-9b23-e0bdd0b6537d-1024x576.jpg)
বিনা দ্বিধাই পত্নী হীৰামণি ৰাজমেধিয়ে কৈ গ'ল এই কথা। সংসাৰৰ এই জ্বলা-কেঁহাই আমুৱাইছে এইগৰাকী সত্তৰোৰ্ধ্বৰ মহিলাক। বৃদ্ধাশ্ৰমলৈ আহিয়েই পতিৰ চৰণ চুই সেৱা কৰিলে স্বামীৰ বাবে একো কৰিব নোৱাৰাৰ দুখত দুখী হৈ থকা ড০ নন্দেশ্বৰ ৰাজমেধিৰ পত্নীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/চৰণ.jpg)
পত্নী হীৰামণি ৰাজমেধিয়ে ক'লে কিদৰে পুত্ৰই চেণ্ডেলেৰেও প্ৰহাৰ কৰে পিতৃক। বিচৰাতকৈ ধন কমকৈ দিলে সেই ধন ফালি পেলোৱাৰ হুংকাৰ দিয়ে কণিষ্ঠ পুত্ৰই। কষ্টেৰে সজা ঘৰখনৰ পৰা বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা নন্দেশ্বৰ ৰাজমেধিক কিদৰে অত্যাচাৰ চলোৱা হয় তাৰ প্ৰত্যক্ষ সাক্ষী তেওঁৰ পত্নী হীৰামণি ৰাজমেধি।
ইফালে ভাতৃ নকুল ৰাজমেধি আৰু ভগ্নীসকলে যে ধনৰ বাবে পিতৃক অত্যাচাৰ চলায় সেই কথা ক'বলৈ লাজ নকৰিলে বৰপুত্ৰ লোচন ৰাজমেধিয়ে। নিজৰ অসহায়তাৰ কথা ব্যক্ত কৰি হাঁহি হাঁহি ক'লে ভায়েকে পিতৃৰ ওপৰত চলোৱা নিৰ্যাতনৰ কথা।
এনে জটিল সন্ধিক্ষণত মজিবুৰ ৰহমানে উদ্ধাৰ কৰি ড০ নন্দেশ্বৰ ৰাজমেধিক বৃদ্ধাশ্ৰমলৈ লৈ অহাৰ বাবে তেওঁক ধন্যবাদ জনালে পত্নী হীৰামণি ৰাজমেধিয়ে। অৱশ্যে ঘৰলৈ যোৱাৰ সলনি তাতেই থাকিবলৈ ক'লে পত্নীয়ে স্বামীক।
সেই ঘৰখনত এই বিশিষ্ট পণ্ডিতগৰাকী অবহেলিত, পৰিয়ালটোৰ সদস্যসকলৰ কথাৰ পৰাই অনুমান কৰিবলৈ কঠিন নহ'ল। পত্নীয়ে আনকি ক'লে- নন্দেশ্বৰ ৰাজমেধিয়ে মৰিব নোৱাৰে। তেওঁৰ বাবেই জীয়াই থাকিব লাগিব হেনো ৰাজমেধি।
পত্নীৰ কান্ধত হাত থৈ তেওঁ আনকি তেওঁৰ সৈতে থকা গভীৰ সম্পৰ্কৰ বাবে কোনো কালেই তেওঁ আত্মহত্যা কৰিব নোৱাৰে বুলিও দাবী কৰিলে।
বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ ভাইৰেল হৈ পৰাৰ পাছত ভয়তে এতিয়া পলাই আছে সৰুপুত্ৰ নকুল ৰাজমেধি। ঘৰলৈ আহি এটা বেগ লৈ ওলাই গৈছিল নকুল ৰাজমেধি। তাৰ পিছত সি ক'ত আছে, সেই কথা নাজানে মাতৃয়ে। পিতৃক ধাৰাবাহিকভাৱে যোৱা ১০ বছৰ ধৰি অত্যাচাৰ চলাই অহা নকুল ৰাজমেধি সম্পৰ্কত মাতৃয়ে ক'লে- দেউতাকক বিচাৰি যাবলৈ কওতে সি ক'লে- দেউতা মৰি গ'লেও মই বিচাৰি নাযাও।
দৈ-চিৰা খাই হাতত বেগ লৈ ওলাই গ'ল সৰু পুত্ৰ নকুল ৰাজমেধি। সেই দিন ধৰি খবৰ নাই সৰু পুত্ৰৰ।
সন্দিকৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ ৰাজমেধিয়েও ইচ্ছা নকৰিলে শান্তি আশ্ৰম এৰাৰ। কেৱল হাতেৰে বা চেণ্ডেলেৰে নহয়, হাতত যি থাকে সেই বস্ত লৈয়ে প্ৰহাৰ কৰিছিল পিতৃক নকুল ৰাজমেধিয়ে। পণ্ডিতগৰাকীয়ে এতিয়া ঘৰৰ নাম শুনিবই নোখোজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/nakul-rajmedhi.jpg)
আৰক্ষীয়েও এই পৰ্যন্তলৈকে পিতৃক এই নিৰ্মম অত্যাচাৰ চলোৱা কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে লোৱা নাই কোনো ব্যৱস্থা। কেইবাবাৰো পুত্ৰৰ নিৰ্যাতনৰ বিৰুদ্ধে গোচৰ দিবলৈ গৈছিল পিতৃ নন্দেশ্বৰ ৰাজমেধি। কিন্তু আৰক্ষীয়ে এয়া ঘৰুৱা কন্দ্বল বুলি ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে।
পত্নী আৰু পুত্ৰক দেখা পাই আবেগিক হৈ উঠিছিল শিক্ষাবিদগৰাকীও। সেই সময়ত পণ্ডিত গৰাকীৰ খবৰ ল'বলৈ অহা লোকসকল সাক্ষী হৈ ৰ'ল সেই ক্ষণৰ। বহুবাৰ থানালৈ গৈছিল এই দুই বৃদ্ধ-বৃদ্ধা। আৰক্ষীয়ে পিছত যাম বুলি কৈ নাহে খবৰ ল'বলৈ।
পত্নী হীৰামণি ৰাজমেধিয়ে ক'লে- পুত্ৰক মাৰি পেলাম যেন লাগে তেওঁৰ। ড০ নন্দেশ্বৰ ৰাজমেধিক ঘৰলৈ নিয়াৰ সলনি বৃদ্ধাশ্ৰমতে থাকিবলৈ কৈ গ'ল পত্নী-পুত্ৰই। এই আবেগিক মুহূৰ্তৰ মাজতে বৃদ্ধাশ্ৰমৰ স্বামীৰ বিচনাখনৰ কাষলৈ আগবাঢ়ি গৈছিল পত্নী হীৰামণি ৰাজমেধি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ebf6899a-15fc-455a-a02a-97d92c58ffd1.jpg)
তাৰ পাছতেই পত্নীৰ অনুৰোধমৰ্মে সহজ সৰল ড০ নন্দেশ্বৰ ৰাজমেধিয়ে বেগ খুচৰি হাতত তুলি দিলে তেওঁৰ এটিএম খন। এইকেইদিনৰ ভিতৰতে তেওঁৰ পেঞ্চন হ'ব। তেওঁৰ পেঞ্চনৰ ধনেৰেহে হেনো ঘৰ চলে। সেয়ে লৈ ল'লে এটিএমখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/এটিএম.jpg)
পিতৃক বা স্বামীক নিবলৈ যেন অহা নাছিল তেওঁলোক। আবেগিক ব্লেকমেইলিঙৰে আজিও যেন পিতৃৰ পেঞ্চনৰ টকা কেইটাৰ বাবে এটিএম খন নিবলৈহে আহিছিল বৰপুত্ৰ। সেই দৃশ্য দেখি এনে ভাবেই হ'ল। সহজ সৰল পিতৃয়েই সকলো পাহৰি তুলি দিলে নিজৰ বেংক এটিএম পত্নীৰ হাতত।
এটিএমখন লৈয়ে মাতৃৰ সৈতে বৃদ্ধাশ্ৰম এৰিলে বৰপুত্ৰই। পিতৃক তেওঁ লখিমপুৰৰ ঘৰলৈ কিয় লৈ নাযায় বুলি প্ৰশ্ন কৰাত বিভিন্ন যুক্তিৰে সেই কথা এৰাই চলিলে বৰপুত্ৰ লোচন ৰাজমেধিয়ে। পুত্ৰ, পত্নী উভতি যোৱাৰ মুহূৰ্তত অৱশ্যে আবেগিক হৈ পৰিছিল এই সহজ সৰল পণ্ডিতগৰাকী।
উল্লেখযোগ্য যে, এই খবৰক লৈ চৰ্চা হোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আৰক্ষীয়ে। ইফালে সন্দিকৈ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী তথা অধ্যাপক মৰ্মাহত হৈ পৰিছে মহাবিদ্যালয়খনত অধ্যাপনা কৰা গৱেষক, পণ্ডিত গৰাকীৰ এই অৱস্থাক লৈ।
সন্দিকৈ মহাবিদ্যালয়ত পূৰ্বতে অধ্যয়ন কৰা একাংশ ছাত্ৰীয়ে প্ৰিয় শিক্ষাগুৰুগৰাকীৰ এনে অৱস্থাৰ প্ৰতি আৰক্ষীৰ সচেতনতাৰ অভাৱ বুলি মন্তব্য কৰিছে। সেয়ে বিষয়টোৰ সন্দৰ্ভত দুই-এদিনতে আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰাৰ চিন্তা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/a92aeb38-68b4-41bd-8efa-580b7f460c56-1024x768.jpg)
পত্নী, বৰপুত্ৰৰ সাক্ষাৎ পাই কিছু মুহূৰ্তৰ বাবে সকলো কথা পাহৰি পেলালে ড০ নন্দেশ্বৰ ৰাজমেধিয়ে। নিৰ্যাতনৰ সেই সময়ৰ কথা পাহৰি এই সহজ সকল মানুহজনে দি দিলে পেঞ্চনৰ টকা কেইটা উলিয়াবলৈ এটিএমখনো। আৰু এইজন বয়সস্থ পণ্ডিত শিক্ষাবিদৰ সৈতে এতিয়া সময়ৰ এই সংঘাত। কেৱল চৰেই নহয়, সৰুপুত্ৰৰ চেণ্ডেলৰ কোব খাই তেওঁ ব্যথিত। কিন্তু কাকো একো ক'ব নোখোজে…