/asomiyapratidin/media/media_files/2025/04/10/n4kRGqp88KH2bsRuKGKP.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ ড০ নগেন ঠাকুৰ আৰু নাই। একেধাৰে ভাষাবিদ, লেখক, কবি, সম্পাদক, অধ্যাপক ড০ নগেন ঠাকুৰে বৃহস্পতিবাৰে দেৰগাঁৱত থকা নিজা বাসভৱনত সন্ধিয়া প্ৰায় ৫-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
১৯৩৯ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা নগেন ঠাকুৰে অসমীয়া ভাষা, সাহিত্য, সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰাতস্মৰণীয় হৈ ৰ’ব। প্ৰয়াত ঠাকুৰে অসমীয়া ভাষা বিষয়ক ১৩ খন গ্ৰন্থ প্ৰকাশ কৰাৰ বিপৰীতে পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক গৱেষণামূলক গ্ৰন্থৰে অসমীয়া ভাষাক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে৷
প্ৰথমে ১৯৬৫ চনত হাফলং মহাবিদ্যালয়ত অধ্যাপনা কৰি পাছলৈ ১৯৬৬ চনৰ পৰা ১৯৮৫ চনলৈ দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ত অধ্যাপনা কৰি পৰৱৰ্তী সময়ত ১৯৮৫ চনৰ পৰা তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগতো অধ্যাপনা কৰে আৰু বিভাগীয় মুৰব্বী আৰু ৰীডাৰৰ পদ অলংকৃত কৰিছিল৷
দেৰগাঁৱৰ নামতি মাইগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ঠাকুৰে পৰৱৰ্তী সময়ত দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত তেওঁ যোৰহাটৰ জে বি কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬২ চনত কটন কলেজৰ পৰা অসমীয়া বিষয়ত অনাৰ্ছসহ স্নাতক আৰু ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।
১৯৮২ চনত তেওঁ"Elements of Non-Indo Aryan Languages in the formation of Assamese Language শীৰ্ষক বিষয়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে, দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে নৱম শ্ৰেণীত ঠাকুৰৰ "আজিৰ কবিতা" নামৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল। সেইটোৱে আছিল তেখেতৰ প্ৰথম লেখা।
১৯৬১-৭৮ কালচোৱাত মণিদ্বীপ, আমাৰ প্ৰতিনিধি, ৰামধেনু, আৱাহন আলোচনীত তেখেতৰ শতাধিক কবিতা প্ৰকাশ পাইছিল। অধ্যয়নৰত কালত একাংকিকা, নাটক, গল্প-উপন্যাসো লিখিছিল। তেখেতে নিজে লিখা নাটক-একাংকিকাত অভিনয়ো কৰিছিল।
তেখেতৰ ডেৰকুৰি নিৰ্বাচিত কবিতাৰে "মোৰ গানৰ শব্দ" নামৰ ক্ষুদ্ৰ গ্ৰন্থ সংকলন ১৯৮২ চনত প্ৰকাশ কৰিছিল। ঠাকুৰৰ কবিতাসমূহৰ একত্ৰ সংকলন 'নগেন ঠাকুৰৰ কবিতা' নামেৰে ড০ চণ্ডীচৰণ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পাইছিল ২০১৬ চনত।
ভাষাবিদ ড০ নগেন ঠাকুৰৰ ভাষা বিষয়ক গ্ৰন্থসমূহ ক্ৰমে পালি-প্ৰাকৃত-অপভ্ৰংশ আৰু অসমীয়া ভাষা (১৯৬৭) পালি-প্ৰকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য (১৯৮৪),ভাৰতীয় ভাষাৰ পৰিচয় (১৯৮৪), প্ৰাকৃত সাহিত্য চয়ন(১৯৮৯), বিশ্বৰ বিভিন্ন ভাষা (১৯৮৪), প্ৰাকৃত সাহিত্যৰ অধ্যয়ন (১৯৮১), ভাষা আৰু ভাষা চিন্তা (২০০৩), 'গাহাসত্তসঈ' এশ এটা প্ৰেমৰ কবিতা (১৯৯৯), অশোকৰ অনুশাসনমালা (১৯৯২), ভাৰতীয় ভাষা আৰু সাহিত্য (২০১৬) আৰু ভাষ্য অধ্যয়ন পৰিচিতি (২০২৪)।
ড০ ঠাকুৰে নবেল বঁটা বিজয়ী মিখাইল ছলোকভৰ And quite flows the Don নামৰ উপন্যাসখনৰ অসমীয়ালৈ "ধীৰে বৈ যায় ডন" শীৰ্ষক নামেৰে অনুবাদ কৰি দুটা খণ্ডত প্ৰকাশ কৰিছিল। তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহ ক্ৰমে অসমীয়া ভাষা আৰু ব্যাকৰণ, (১৯৮১) এশ বছৰৰ অসমীয়া উপন্যাস, ২০০১, নিৰ্জনতাৰ পৰা কোলাহললৈ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী শতবৰ্ষৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা, ১৯৭২, ভাষা চিন্তা বিচিত্ৰা" আৰু অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ (২০১১) স্মৃতি গ্ৰন্থ "দিচৈ-দৰিয়া"।
ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, ডি.পি.ই আৰু এন.চি.ই. আৰ.টি ৰ বাবে অসমীয়া বিষয়ত তেখেতে ৩৯খন ক্ষুদ্ৰ পাঠ্যপুথিও সম্পাদনা কৰিছিল ড০ ঠাকুৰে। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ বাবে অসমীয়া ভাষাত ভিত্তিস্থাপন পাঠ্যক্ৰমৰ (Foundation Course) চাৰিটা খণ্ডও সম্পাদনা কৰিছিল তেওঁ।
‘হেমকোষ' চতুৰ্দশ সংস্কৰণৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল এইগৰাকী প্ৰসিদ্ধ ভাষাবিদ। গোলোক গোস্বামী, বিশ্বেস্বৰ হাজৰিকাৰ পাছতে অসমীয়া ভাষাবিদ হিচাপে প্ৰখ্যাত ড০ ঠাকুৰে হেমকোষৰ চতুৰ্দশ বৰ্ধিত সংস্কৰণৰ সম্পাদনাৰ সৈতে জড়িত আছিল।
৩ বছৰ ধৰি গুৱাহাটীতে থাকি লৈ তেওঁ এই কাম কৰিছিল। এই সংস্কৰণত নতুনকৈ হেমকোষত সন্নবিষ্ট কৰা হৈছিল ৫০ হাজাৰ নতুন শব্দ। তেখেতৰ ভাৰতীয় ভাষা বিষয়ক ২৩টা লেখা ‘অসমীয়া বিশ্বকোষ’ৰ চতুৰ্থখণ্ডত অন্তৰ্ভুক্ত হৈছে।
ভাষা সাহিত্যলৈ আগবঢ়োৱা এনে অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ছোভিয়েট দেশ নেহৰু বঁটা (১৯৭৩), গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মহাৰজত জয়ন্তী ভাষা বঁটা (২০২৪), এনাজৰীৰ পৰা ২০২৪ বৰ্ষত জীৱনজোৰা সাধনা বঁটা, জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন সাহিত্য বঁটা, অসমীয়া সাহিত্য সন্মিলনীৰ পৰা শৰৎ চন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা, লাভ কৰিছিল।
এইগৰাকী মহান অসমীয়াৰ প্ৰয়াণত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। প্ৰায় ৮৫ বছৰ বয়সত মৃত্যু হোৱা ড০ ঠাকুৰে ইহ সংসাৰত তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ লগতে বহু গুণমুগ্ধক একি থৈ গৈছে। তেওঁৰ দুই পুত্ৰ কৰ্মসূত্ৰে থাকে ক্ৰমে মুম্বাই আৰু দক্ষিণ কোৰিয়াত। মুম্বাইত থকা পুত্ৰ কালিলৈ পুৱা আহি উপস্থিত হোৱাৰ কথা। সেয়ে কালিকৈ দিনৰ ভাগতে দেৰগাঁৱত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব বুলি জানিব পৰা গৈছে।