/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/34a205ae-1761-429e-9c0d-61c920099e68/cancer.jpg)
আৰ্থিক সাহাৰ্য বিতৰণ
প্ৰতিদিন সংবাদ, মঙলদৈঃ জটিল ৰোগত আক্ৰান্তলৈ সকাহ । মঙলদৈত জটিল ৰোগত আক্ৰান্তক আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয় । বৃহস্পতিবাৰে ২৭ জন ৰোগীক প্ৰদান কৰা হয় সাহাৰ্য ।
প্ৰতিজন ৰোগীক ১০ হাজাৰকৈ চেক প্ৰদান কৰা হয় । এই ধন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ অধিনত প্ৰদান কৰা হয় । এই উপলক্ষে দৰঙৰ উপায়ুক্ত কাৰ্যালয় সভাকক্ষত হোৱা অনুষ্ঠানত বিধায়ক বসন্ত দাস, অতিৰিক্ত উপাযুক্ত পল্লৱী কছাৰী আৰু জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসৰ উপস্থিত প্ৰদান কৰা হয় চেক ।
ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰে এনেদৰে জটিল ৰোগত আক্ৰান্তক অলপ সকাহ প্ৰদান কৰিব । এনে ধন লাভ কৰা ৰোগীসকলে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
Also Read: টেঙাখাতত সোণোৱাল কছাৰীৰ হুচৰি আৰু লেচেৰী নাচৰ কৰ্মশালা...