Advertisment

৬০খন সোণৰ বিস্কুট চুৰি কৰি উধাও হোৱা এছ আই নিপু কলিতাৰ আত্মসমৰ্পণ

৬০খন সোণৰ বিস্কুট চুৰি কৰি উধাও হোৱা এছ আই নিপু কলিতাৰ আত্মসমৰ্পণ

author-image
asomiyapratidin
New Update
৬০খন সোণৰ বিস্কুট চুৰি কৰি উধাও হোৱা এছ আই নিপু কলিতাৰ আত্মসমৰ্পণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ চোৰাং সোণৰ সৰবৰাহকাৰীৰ পম খেদি গৈ অসম মেঘালয় সীমান্তৰ বৰ্ণিহাটত সৰবৰাহকাৰী দলটোক আবদ্ধ কৰাৰ পিছত উদ্ধাৰ হোৱা ৬০ খনকৈ সোণৰ বিস্কুট লৈ এজন হাবিলদাৰসহ পলায়ণ কৰা আৰক্ষী উপ-পৰিদৰ্শক নিপু কলিতাই অৱশেষত বুধবাৰে বশিষ্ট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। বিগত ৪ দিনে মহানগৰ আৰক্ষীৰ নিদ্ৰা হৰণকাৰী গভাইট চোৰ আৰক্ষী বিষয়া গৰাকীক বুধবাৰে সো-শৰীৰে বশিষ্ট থানাত উপস্থিত হয়হি।

Advertisment

যোৱা ৪ দিনে তেওঁক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে চলোৱা ব্যাপক অভিযানত বাধ্য হৈয়ে তেওঁ বশিষ্ট থানাত উপস্থিত হোৱাৰ পিছত সন্ধিয়া প্ৰায় ৭ বজাত পলাতক আৰক্ষী বিষয়াজনক দিশপুৰ থানালৈ অনা হয়। দিশপুৰ থানাত মহানগৰ আৰক্ষীৰ শীৰ্ষ দল এটাই সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য উদঘাটনৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

একেসময়তে তেওঁৰ হাতীগাওস্থিত বাসভৱনটো আৰক্ষীৰ দল এটাই তালাচী চলাই। উল্লেখ্য যে, সোণসহ পলৰীয়া বিষয়াজনৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত তেওঁৰ ইকো স্পৰ্টচ গাড়ীখন জব্দ কৰাৰ উপৰি ২জন লোকক জেৰাৰ বাবে আটক কৰাৰ পিছতে বুধবাৰে নিপু কলিতাই আত্ম সমৰ্পণৰ বাবে বাধ্য হয়। কিন্তু নিপু কলিতাই অবৈধ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা সোণখিনি উদ্ধাৰ কৰিবলৈ আৰক্ষী এতিয়াও সক্ষম হোৱা নাই।