/asomiyapratidin/media/media_files/2025/04/11/t6nra33UU00caCgAvJXh.jpg)
আলোচনা সভা
ডিজিটেস সংবাদ, গুৱাহাটী: বুধবাৰে গুৱাহাটীত উপস্থিত হয় ইণ্ডিয়ান প্রিন্টিং, পেকেজিং আৰু এলাইড মেচিনেৰী প্রস্তুত কমিটি (ইপামা)ৰ কার্যবাহী সম্পাদক প্রশান্ত ভাটছ আৰু কোষাধ্যক্ষ আব সুবেশ কুমাৰ। প্রিন্টিং উদ্যোগৰ বিভিন্ন কৰ্মৰাজিৰ বিষয়ে নৰ্থ ইষ্ট প্রিন্ট টেকৰ সভাপতি প্রণব কুমাৰ তালুকদাৰ আৰু সম্পাদক অনিল ডেকাৰ লগত আলোচনাত মিলিত হয়।
এই আলোচনাতে 'ইপামাৰ' সভাপতি জয়বীৰ সিঙে অহা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ প্রিন্টিং আৰু পেকেজিং প্রযুক্তিৰ লগত জড়িত ব্যক্তিক লৈ এখন বিশেষ অধিবেশন পতাৰ পৰিকল্পনা থকাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে, ১৯৮৮ চনৰ পৰা ভাৰতবৰ্ষত ইপামাই প্রিন্টিং আৰু পেকেজিং উদ্যোগৰ উত্তৰণত বিশেষ ভূমিকা পালন কৰি আহিছে।