অসম-নগালেণ্ড সীমান্ত সমস্যা সমাধানৰ উদ্দেশ্যে যোৰহাটত ড০ হিমন্ত বিশ্ব শৰ্মা-নেফিউ ৰিঅ’ৰ মত বিনিময়…

অসম-নগালেণ্ড সীমান্ত সমস্যা সমাধানৰ উদ্দেশ্যে যোৰহাটত ড০ হিমন্ত বিশ্ব শৰ্মা-নেফিউ ৰিঅ’ৰ মত বিনিময়…

author-image
asomiyapratidin
New Update
অসম-নগালেণ্ড সীমান্ত সমস্যা সমাধানৰ উদ্দেশ্যে যোৰহাটত ড০ হিমন্ত বিশ্ব শৰ্মা-নেফিউ ৰিঅ’ৰ মত বিনিময়…

ডিজিটেল ডেস্কঃ সীমা সমস্যাকে ধৰি আন্তঃৰাজ্যিক বিভিন্ন বিষয়ৰ ওপৰত পৰ্যালোচনাৰ বাবে দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰী। এই বৈঠকত অসম আৰু নগালেণ্ডৰ ৪৩৪ কিলোমিটাৰ দীঘলীয়া ভৌগলিক সীমাৰ স্থায়ী সীমা নিৰ্ধাৰণৰ বিষয়ে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীদ্বয়ই মত বিনিময় কৰে।

Advertisment

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পেলাবৰ বাবে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' যোৰহাটত উপস্থিত হয়। সীমা সমস্যাৰ উপৰিও আন্তঃৰাজ্যিক বাণিজ্য, সীমান্ত অঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি তথা সীমান্তত বসবাস কৰা ৰাজ্য দুখনৰ বাসিন্দাসকলৰ মাজত সামাজিক সদভাৱ বৃদ্ধি কৰাৰ বাবে নেতাদ্বয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে।

ইফালে, এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰী দুগৰাকীৰ বৈঠকৰ কথা এনেদৰে বৰ্ণনা কৰি কয় যে, অসম-নগালেণ্ড সীমান্তৰ সীমা বিবাদৰ ৰাজনৈতিক সমস্যাটো সামাজিকভাৱে সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ এক ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ আগন্তুক সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিব। দেওবাৰৰ অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্য দুখনৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ সমাজতো ভাতৃত্ববোধ জাগ্ৰত কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যিক মুখপাত্ৰজনে মত পোষ কৰে।