/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/dcdaac41-6bfe-4a25-a1b8-692e586ab37f.jpg)
ডিজিটেল ডেস্কঃ সীমান্ত সুৰক্ষা বলৰ সঞ্চালক প্ৰধান ৰজনী কান্ত মিশ্ৰই সোমবাৰে নাগালেণ্ড ভ্ৰমণ কৰি নিৰাপত্তা বিষয়ক পৰিস্থিতৰ বুজ লয়। এই সময়ছোৱাত তেওঁক সংগ দিয়ে অতিৰিক্ত সঞ্চালক প্ৰধান সঞ্জীৱ কুমাৰ সিঙে। ছাটাখাৰ বেটেলীয়নৰ মুখ্য কাৰ্যালয়ত সঞ্চালকপ্ৰধানগৰাকী উপস্থিত হোৱাৰ পিছতে বি এছ এফৰ কেইবাজনো শীৰ্ষ বিষয়াই তেওঁক আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e9003277-054a-493c-b4eb-0d9cc6733242.jpg)
সঞ্চালক প্ৰধানগৰাকীক পেৰেড কৰি বহুকেইজন বি এছ এফৰ শীৰ্ষ বিষয়াই আদৰি নিয়াৰ পিছতে তেখেতে নাগালেণ্ডৰ নিৰাপত্তাৰ বহু দিশ পৰ্যবেক্ষণ কৰে। ইফালে এনেদৰে তেওঁক আদৰি নিয়াত সন্তুষ্টি প্ৰকাশ কৰে সঞ্চালক প্ৰধান ৰজনী কান্ত মিশ্ৰই। ইয়াৰ লগতে বি এছ এফৰ বিষয়া সকলৰ লগতে সঞ্চালক প্ৰধানগৰাকীক আদৰিবৰ বাবে উক্ত স্থানত পূৰ্বৰে পৰা অপেক্ষা কৰি আছিল বহু স্থানীয় লোক। বি এছ এফৰ জোৱানসকলে কেনেদৰে কাৰ্য সম্পাদন কৰে তাৰো এক আভাস সঞ্চালক প্ৰধানগৰাকীক দিয়ে বি এছ এফৰ বিষয়াসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/a97ff13c-335b-4bbe-9603-3cf742dff98f.jpg)
এই ভ্ৰমণকালত বি এছ এফৰ জোৱানসকলৰ লগতে বহু স্থানীয় লোকে মত বিনিময় কৰাৰ সময়ত স্থানীয় লোকসকলে তেওঁলোকৰ দাবী আপত্তিসমূহ সঞ্চালক প্ৰধান গৰাকীক ব্যক্ত কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে বি এছ এফৰ জোৱানসকলক উদ্দেশ্যি ভাষণ ৰাখি কেনেদৰে কাৰ্য সম্পাদন কৰিব লাগে তাৰ এক আভাস দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/5d39e7bb-932f-4072-b8da-4184fa2997a6.jpg)
তেওঁ স্থানীয় লোকসকলক চৰকাৰে দিয়া বিভিন্ন সা- সুবিধাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত সকলো সা-সুবিধা লাভ কৰিবলৈ অনুৰোধ জনায়। সীমান্ত সুৰক্ষা বলৰ সঞ্চালক প্ৰধানগৰাকীয়ে নাগালেণ্ডৰ গৱৰ্ণৰ জেনেৰেল পি বি আচাৰ্যক সাক্ষাৎ কৰে। গৱৰ্ণৰ গৰাকীয়েও বি এছ এফৰ বিভিন্ন কাৰ্যৰ বাবে প্ৰশংসা কৰে বিষয়াজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/aafbd441-4b91-4833-9a70-567a617ce11e.jpg)