সমাগত দীপাৱলীঃ নিজৰ লগতে পোহৰাওক এওঁলোকৰো পদূলি...

সমাগত দীপাৱলীঃ নিজৰ লগতে পোহৰাওক এওঁলোকৰো পদূলি...

author-image
Asomiya Pratidin
New Update
সমাগত দীপাৱলীঃ নিজৰ লগতে পোহৰাওক এওঁলোকৰো পদূলি...

ডিজিটেল ডেস্কঃ মাজত মাথো আৰু কেইটামান দিন । আহি আছে পোহৰৰ উৎসৱ দীপাৱলী। আন্ধাৰ বিনাশী পোহৰৰ আৰাধনাৰ বাবে সাজু হৈছে সকলো। দীপাৱলীত সকলোৰে ঘৰৰ চৌহদ পোহৰাবলৈ সাজু হৈছে মৃৎশিল্পী তথা থলুৱা আতচবাজী উদ্যোগো। ৰং, ৰূপ আৰু পোহৰেৰে আগন্তুক দিনবোৰ উজলাবলৈ সকলোৱে প্ৰস্তুতি চলাইছে।

Advertisment

দীপাৱলী উদযাপনৰ কথা আহিলেই থলুৱা আৰু বাহিৰা সামগ্ৰীৰ মাজৰ প্ৰাধান্যতা বিষয়টোৱে বিশেষ স্থান পায় ৷ বজাৰত চীনা সামগ্ৰী যেনে ৰং-বিৰঙী লাইট, লেম্প আদিৰ পয়োভৰৰ লগে লগে আমি যেন পাহৰি গৈছো মাটিৰ চাকিলৈ ৷

যাৰ বাবে আনৰ ঘৰ পোহৰাবলৈ আশাৰে মাটিৰ চাকি নিৰ্মাণ কৰা মৃৎশিল্পীসকলৰ বহুতৰেই দীপাৱলীৰ দিনা ঘৰখন এন্ধাৰ হৈয়েই ৰয়। আমাৰ থলুৱা আতচবাজী উদ্যোগৰ ক্ষেত্ৰতো একেই সমস্যা দেখা যায় ৷ 

পোহৰৰ উৎসৱ দীপাৱলীৰ আকাশ পোহৰাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা আতচবাজী শিল্প ৷ বিভিন্ন ধৰণৰ আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে থলুৱা কাৰুশিল্পীসকল ৷ দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰুশিল্পীসকলে দিনে-নিশাই ব্যস্ত হৈ আছে।

ভিন্ন প্ৰকাৰৰ কলগছ, মতা, আছমান গোলা, চেৰেকী, মতাৰ গছ, চকলেট ব'ম আদি কৰি বিভিন্ন আতচবাজী প্ৰস্তুতৰ কামত ব্যস্ত হৈ পৰিছে কাৰুশিল্পীসকল। বৰপেটাৰ আতচবাজী উদ্যোগৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কমেও ২৫০ পৰিয়াল ৷

গতিকে দীপাৱলী উদযাপনৰ ক্ষেত্ৰত থলুৱা সামগ্ৰীক অগ্ৰাধিকাৰ দিবলৈ বৰপেটাৰ ব্যৱসায়ী সকলে ৰাইজক আহ্বান জনাইছে। যাতে পোহৰৰ উৎসৱৰ দিনা কাৰো ঘৰৰ চৌহদ এন্ধাৰ হৈ নৰয়।

Also Read: সাহিত্যজগতৰ বাবে দুঃখবৰ : ‘বিস্ময়’ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকন আৰু নাই

dipwali 2024