নৰোৱা কুজি সত্ৰৰ বৈষ্ণৱ পণ্ডিত দীননাথ হাজৰীকাৰ বিয়োগ...

নৰোৱা কুজি সত্ৰৰ বৈষ্ণৱ পণ্ডিত দীননাথ হাজৰীকাৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
নৰোৱা কুজি সত্ৰৰ বৈষ্ণৱ পণ্ডিত দীননাথ হাজৰীকাৰ  বিয়োগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ দক্ষিণ দিশত অৱস্থিত নৰোৱা কুজি সত্ৰৰ "সত্ৰ সুহৃদ", নামলগোৱা, জ্যোতিষী, বনৌষধী বিশেষজ্ঞ , আধ্যাত্মিক দৰ্শনৰ পণ্ডিত দীননাথ হাজৰীকাৰ কালি নিশা বাৰ্ধক্যজনিত কাৰনত নিজ বাসগৃহত বিয়োগ ঘটে।

৯৭ বছৰীয়া বৈষ্ণৱ পণ্ডিত গৰাকী কুজিসত্ৰ নেহেৰু স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে শিক্ষকতা কৰি ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰ পাছত মৰিগাঁও জিলাৰ অন্তৰ্গত ঐতিহাসিক কুজি সত্ৰৰ বৈভৱময় সংস্কৃতিৰ লগত নিজকে বিলীন কৰি জীৱনৰ শেষ কাললৈকে গুৰুসেৱাত ব্ৰতী হৈছিল।

পণ্ডিত গৰাকীৰ বিয়োগত কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৄ সকলে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত দীননাথ হাজৰীকাই দুজন পুত্ৰ, বোৱাৰী, তিনিগৰাকী জীয়ৰী, জোৱাই সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

দীননাথ হাজৰীকা