ডিমাপুৰত প্ৰয়াত বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰে জড়িত এন এছ চি এনৰ নেতাক গ্ৰেপ্তাৰ…

ডিমাপুৰত প্ৰয়াত বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰে জড়িত এন এছ চি এনৰ নেতাক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
ডিমাপুৰত প্ৰয়াত বিধায়ক টিৰং আবহৰ হত্যাকাণ্ডৰে জড়িত এন এছ চি এনৰ নেতাক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ অৰুণাচল প্ৰদেশৰ পশ্চিম খুনছাৰ প্ৰয়াত বিধায়ক টিৰং অবহৰ হত্যাত জড়িত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) এজন নেতাক শনিবাৰে নিয়া আৰু চোৰাংচোৱা যৌথ অভিযান চলাই ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা কৰে।

জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা এন এছ চি এন (আই এম)ৰ নেতাগৰাকী হ'ল লেফটেনেণ্ট য়ানটি জছহাম। তেওঁৰ ঘৰ অৰুণাচল প্ৰদেশৰ লাংডিঙ জিলাত । তেওঁ আই এমৰ এগৰাকী এৰিয়া কামাণ্ডাৰ । উল্লেখযোগ্য যে মে' মাহত সংঘটিত টিৰং অবহৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী এজেন্সীয়ে শনিবাৰে য়ানটি জছহামক অতি গোপনে গ্ৰেপ্তাৰ কৰি গুৱাহাটিলৈ লৈ যায়।