/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/dimapur-situation-control.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনকলৈ দেওবাৰে বিয়লি অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ লাহৰীজানৰ সমীপৰ নাগালেণ্ডৰ নিউফিল্ড চেকগেটত প্ৰতিবাদী জনতাৰ পথ অৱৰোধ ফলত সৃষ্টি হোৱা উত্তেজনাময় পৰিবেশ সোমবাৰে শান্ত হৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰাৰ পাছত পৰিবেশ সম্পূৰ্ণ স্বাভাৱিক আৰু অন্য দিনাৰ দৰে যানবাহন চলাচল নিয়মীয়া হৈছে। দেওবাৰে পাৰপত্ৰহীন ভাৱে নাগালেণ্ডত প্ৰবেশ কৰা অসমৰ ৬৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ ভিতৰত ৯ গৰাকী ব্যক্তিক সোমবাৰে জৰিমনা অবিহনে ডিমাপুৰ আৰক্ষীয়ে মুকলি কৰি দিয়ে।
উল্লেখযোগ্য যে, যোৱা দেওবাৰে অসমৰ পৰা ইনাৰ লাইন পাৰমিটৰ অবিহনে নাগালেণ্ডত প্ৰবেশ কৰা ৬৭ জন লোকক নগা আৰক্ষীয়ে তালাচী চলাই লাহৰীজান নিউ ফিল্ড চেকগেটত গ্ৰেপ্তাৰ কৰে। বিভিন্ন কামত ডিমাপুৰলৈ যোৱা লোকক আই এল পিৰ নামত হাৰাশাস্তি কৰা অভিযোগ কৰি বিয়লি খটখটী আৰু লাহৰীজানত বাস কৰা হাজাৰ হাজাৰ লোক একত্ৰিত হৈ প্ৰথমে পথৰ ওপৰত ডাঙৰ ডাঙৰ শিল পেলাই পথ অৱৰোধ কৰে। লগে লগে নাগালেণ্ডৰ পৰা অহা যানবাহন অসমত প্ৰবেশত বাধা প্ৰদান কৰি অৱৰোধ গঢ়ি তুলি ইনাৰ লাইন পাৰমিট বিৰুদ্ধে শ্লগান দি পৰিস্থিতি উত্তপ্ত কৰে।
পৰিস্থিতি অধিক জটিল হৈ পৰাত বোকাজানৰ কাৰ্যবাহী দণ্ডাধীশ তাহিৰ আলম আৰু মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অসম আৰক্ষী দল উপস্থিত হয়। নাগালেণ্ডৰ ফালৰ পৰা ডিমাপুৰৰ মহকুমাধিপতি জুবেনথাঙ নুগলী আৰু শীৰ্ষ নগা আৰক্ষী উপস্থিত হৈ প্ৰায় দুঘণ্টা ধৰি প্ৰতিবাদী জনতা বুজাই বঢ়াই শান্ত কৰিবলৈ চেষ্টা চলাই বিফল হোৱা লাঠিচালনা কৰে। আৰু প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়ায়। ইয়াৰ পিছত ডিমাপুৰৰ মহকুমাধিপতিয়ে বোকাজান প্ৰশাসনক বিষয়টোৰ সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে ডিমাপুৰ আৰক্ষীয়ে আটক কৰা ৯ গৰাকী লোকক জৰিমনা অবিহনে মুকলি কৰি দিয়ে। ইফালে দেওবাৰে উদ্ভৱ হোৱা এই পৰিস্থিতিৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনক শান্তি শৃংখলা বজাই ৰাখিবলৈ সীমান্তৰ ৰাইজে আহ্বান জনাইছে। লাহৰীজান আৰু খটখটীৰ ৰাইজে ডিমাপুৰ প্ৰশাসনক ইনাৰ লাইনৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কিয়নো কাৰ্বি আংলঙৰ বেছি ভাগ ছাত্ৰ-ছাত্ৰী বৰ্তমান ডিমাপুৰত অধ্যয়ন কৰি আছে। ইনাৰ লাইন পাৰমিট প্ৰৱৰ্তনে বিশেষ অসুবিধাত পেলাব। ডিমাপুৰ মহকুমাধিপতিয়ে বিষয়টো আলোচনা কৰিবৰ বাবে এখন উচ্চস্তৰীয় বৈঠকৰ আহ্বান কৰিছে।