/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/5ec0c789-52fc-4fd9-a75a-ed73a5c441a6.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ড আৰক্ষী আৰু আছাম ৰাইফলছে এক যৌথ অভিযান চলাই যোৱা দেওবাৰে প্ৰায় ৪১ লাখ টকাৰ অবৈধ বিদেশী সুৰা জব্দ কৰে। নগা আৰক্ষীয়ে সদৰী কৰা মতে, অসমৰ পৰা নাগালেণ্ডলৈ এখন ট্ৰাকত গোপনে ৯৬৭ কাৰ্টুন বিলাতী সুৰা লৈ যোৱাৰ সময়তে মেডজিপামা তালাচী চকীত আৰক্ষীয়ে এই অভিযান চলাই বৃহৎ সংখ্যক সুৰা জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/58bbf721-4eb5-4056-b9d5-92932892d853-1024x992.jpg)
এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছে। ইফালে ডিমাপুৰ আৰক্ষীয়ে চহৰখনৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে পৃথকে পৃথকে অভিযান চলাই কেৱল জুন মাহতে বিভিন্ন অপৰাধত যেন ধনদাবী, অস্ত্ৰ সৰবৰাহ, অপহৰণ, প্ৰবঞ্চনা, চুৰি, হত্যা অভিযোগত প্ৰায় ৯৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/58bb082c-1980-4386-b802-cb03220fff06-1024x768.jpg)
লগতে নগদ বহু পৰিমাণৰ টকা জব্দ কৰিছে। তদুপৰি এই অভিযান কালত ডিমাপুৰ আৰক্ষীয়ে ২০ টা মাৰণাস্ত্ৰ, বহুতো মোবাইল ধনদাবী পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/3e047788-001e-4dc1-9a0a-3b41c0963829-768x1024.jpg)
ইয়াৰে ১২ জনক চুৰি, ১০ জনক অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ, ১৮ জনক ধনদাবী ৩ জনক প্ৰবঞ্চনা আৰু ২৬ জনক অন্য অপৰাধত গ্ৰেপ্তাৰ কৰি জে'ললৈ নিক্ষেপ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/9a6e28a9-b95a-4609-891e-7ba67df88139-768x1024.jpg)